নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপায়ুক্ত সন্মিলনত অংশগ্ৰহণ : তিনিচুকীয়াত কনভেনচন চেন্টাৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ১৬ মে’ : তিনিচুকীয়াত আৰম্ভ হৈছে তিনিদিনীয়াকৈ পঞ্চমসংখ্যক জিলা উপায়ুক্তৰ সন্মিলন৷ আজি দ্বিতীয়দিনাৰ কায্যসূচী হিচাপে পুৱাই তিনিচুকীয়াৰ গেলাপুখুৰীৰ বাইপাছৰ কাষত ১৬ কোটি টকাৰ ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা কনভেনচন চেণ্টাৰটো ফিটা কাটি উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কনভেনচন চেন্টাৰটো উদ্বোধন কৰাৰ পাছতে ৰাজ্যৰ ৩১খন জিলাৰ উপায়ুক্তৰ উপস্থিতিত অনুষ্টিত হয় পঞ্চম জিলা উপায়ুক্ত সন্মিলনৰ ৷ কনভেনচন চেন্টাৰটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কালি অনুষ্ঠিত হোৱা সমীক্ষা বৈঠকত জিলা উপায়ুক্তসকলে নিজ নিজ জিলাৰ পৰা উপস্থাপন বিষয়সমূহৰ পৰা প্ৰস্তুত কৰা প্ৰতিবেদনৰ সন্দৰ্ভত আজি আগবেলা জিলা উপায়ুক্ত সন্মিলনত পুংখানুপুংখভাৱে আলোচনা কৰাৰ লগতে পাছবেলা জিলা উপায়ুক্ত কায্যালয়সমূহ সমষ্টি পয্যায়লৈ লৈ যাবলৈ চলোৱা প্ৰস্তুতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণভাৱে প্ৰতিটো দিশ চালিজাৰি চোৱা হ’ব৷ এইসন্দৰ্ভত প্ৰস্তুত কৰা ৰূপৰেখাৰ সংশোধনৰ ওপৰতো আলোচনা হ’ব৷ সমান্তৰালভাৱে কাইলৈ বুধবাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১২ খন বিশেষ আঁচনিৰ ৰূপায়নৰ ওপৰত সকলো দিশ সাঙুৰি আলোচনা কৰা হ’ব ৷ প্ৰত্যেক ছয় মাহৰ মূৰে মূৰে জিলা উপায়ুক্তৰ সন্মিলন অনুষ্ঠিত হ’ব আৰু পৰৱৰ্তী জিলা উপায়ুক্ত সন্মিলনখন উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হ’ব৷ ঠিক তেনেদৰেই জুন মাহত বঙাইগাঁৱত অনুষ্ঠিত হ’ব আগন্তুক আৰক্ষী অধীক্ষকৰ বৈঠক আৰু তাৰ পাছতে গুৱাহাটীত এদিন জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ স’তে এখন যৌথ বৈঠক অনুষ্ঠিত কৰা হ’ব ৷ ইয়াৰ জৰিয়তে প্ৰশাসন আৰু আৰক্ষী বিভাগত যাতে ছয়মাহৰ কাৰণে কিছু টাৰ্গেট ৰাখি পালন কৰিব পাৰোঁ তাৰ বাবেই আজি তিনিচুকীয়াত আহি সকলো উপস্থিত হৈছোঁ ৷ লগতে জিলা উপায়ুক্তৰ সন্মিলনৰ লগত সংগতি ৰাখি এটা আটকধুনীয়া কনভেনচন চেন্টাৰৰ উপহাৰ দিয়া হৈছে জিলাখনলৈ । চাৰিগৰাকী মুখ্য অতিথিসহ আন চাৰিগৰাকী লোক থকাৰ সুবিধাৰ লগতে সভাগৃহ, পাকঘৰৰ লগতে সকলো উপলব্ধ এই কনভেনচন চেন্টাৰটোত ৷ কনভেনচন চেন্টাৰটোত ৰাজ্যৰ ৩১গৰাকী জিলা উপায়ুক্ত উপস্থিত হোৱাৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী ৰঞ্জিত দাস, জয়ন্ত মল্ল বৰুৱা, অজন্তা নেওগ, সঞ্জয় কিষান, ৰনোজ পেগু, বিমল বৰা, কেশৱ মহন্ত, অতুল বৰা, পৰিমল শুক্লবৈদ্য, যোগেন মহ’ন, অশোক সিংঘাল ৷ ইতিমধ্যে সোমবাৰে প্ৰথম দিনৰ কায্যসূচী হিচাপে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মুঠ পাঁচখন বৈঠক অনুষ্ঠিত হয় জিলা উপায়ুক্ত সকলৰ৷ তাৰেই দুখন ডিগবৈত, এখন দুলীয়াজানত আৰু আন দুখন ডিব্ৰুগড়ত অনুষ্ঠিত হয় ৷
প্ৰেৰক বিবেক বড়া
You might also like