নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাৰিষাৰ পূৰ্বে জোনাইৰ চেৰেণ নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবী

নিয়মীয়া বাৰ্তা, ১৬মেঃ বিভিন্ন জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত হৈ আহিছে জোনাই সমষ্টিৰ জোনাই ৰাজহ চক্ৰৰ ডেকাপাম গাঁও পঞ্চায়তৰ চেৰেণ সোনোৱালৰ গাঁওখন। চেৰেণ সোনোৱাল গাঁৱৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা নদীখনে গাঁওখনক দুভাগ কৰি পেলায়। অবিভক্ত ডিব্ৰুগড়ৰ বিভিন্ন ঠাইৰ পৰা আহি ষাঠি দশকতে প্ৰতিষ্ঠা হোৱা গাঁওখনৰ দক্ষিণ-পূৱ অংশত বসবাস কৰি আহিছে পোন্ধৰটা কৃষিজীৱী পৰিয়াল। চেৰেণ নদীখনৰ ওপৰত দলং নিৰ্মাণ নোহোৱাৰ ফলত বছৰৰ সকলো সময়তে ছাত্র-ছাত্ৰীসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে। আনহাতে চেৰেণ নদীৰ পশ্চিম পাৰে ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্র দুই কিলোমিটাৰলৈ মথাউৰি আছে যদিও নদীখনৰ পূৱ পাৰে থকা মথাউৰিটো ঠায়ে ঠায়ে ছিন্ন ভিন্ন হৈ পৰিছে। আনহাতে চেৰেণ নদীখনৰ নামনি অংশত দুয়োপাৰে মঠাউৰি নিৰ্মাণ হোৱা নাই। যাৰ ফলত চেৰেণ নদীৰ বানপানী-খহনীয়াই চেৰেণ সোনোৱাল, মাছখোৱা, বুঢ়ীমূৰী, মাগুৰমাৰী গাঁৱৰ ঘৰভেটি-খেতিপথাৰ বছৰি বিস্তৰ ক্ষতিগ্ৰস্ত কৰি আহিছে। স্মৰণীয় যে  চেৰেণ নদীয়ে চেৰেণ সোনোৱাল গাঁৱখনক দুভাগ কৰি পেলোৱা অংশত নদীখনৰ ওপৰত দলং নিৰ্মাণ নোহোৱাৰ ফলত বছৰৰ বাৰমাহেই গাওঁখনৰ একাংশ পৰিয়ালে যাতায়তত দুৰ্ভোগ ভুগি আহিছে আৰু বাৰিষাত ছাত্ৰ-ছাত্ৰীৰ সৰ্বসাধাৰণ ৰাইজৰ ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগা হৈ আহিছে। বাৰিষাৰ পূৰ্বে চেৰেণ নদীৰ ওপৰত দলং নিৰ্মাণৰ লগতে নদীখনৰ নামনি অংশত দুয়োপাৰে মথাউৰি নিৰ্মাণ কৰিবলৈ ভিন্ন সংগঠন তথা সচেতন মহলে দাবী জনাইছে।
প্ৰেৰক কৰবী দলে
You might also like