নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত মেঘালয়লৈ সৰবৰাহৰ সময়তে চোৰাং গো-ধন জব্দ

নিয়মীয়া বাৰ্তা, ১৬ মে : দক্ষিন কামৰূপৰ বকোৰ বামুণীগাঁৱত গো-ধন সৰবৰাহকাৰীৰ বিৰুদ্ধে বকো আৰক্ষীৰ অভিযান। বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথৰ গোপন খবৰৰ ভিত্তিত চলা এই অভিযানত অবৈধভাৱে সৰবৰাহ কৰা ৮ টা চোৰাং গো-ধন জব্দ কৰাৰ লগতে এজন গো-ধন সৰবৰাহকাৰীক আটক কৰিছে বকো আৰক্ষীয়ে। আটকাধীন সৰবৰাহকাৰীজন বকো জামবাৰীৰ তব্জুল আলী বুলি জানিব পৰা গৈছে। জব্দকৃত টাটা বাহন খনৰ নম্বৰ AS25 CC 2296। খবৰ অনুসৰি বকো ফালৰ পৰা মেঘালয়লৈ সৰবৰাহৰ সময়তে বকো আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত জব্দ কৰে গো-ধন কেইটা।

প্ৰেৰক প্ৰীতম বায়ন

You might also like