নিয়মীয়া বাৰ্তা, ১৬ মে : মৰিগাঁৱৰ লাহৰীঘাটৰ কাঠনিত পথ নিৰ্মাণ কৰি থকা মথাউৰিত ৰেম্ব নিৰ্মাণ নকৰাত আজি স্থানীয় ৰাইজে বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম। উল্লেখ্য যে মৰিগাঁৱৰ মায়ং অঞ্চলৰ পৰা শিলঘাটলৈকে মথাউৰিৰ ওপৰত পথৰ নিৰ্মাণ কাৰ্য চলি আছে। এই মথাউৰি পথৰ লাহৰীঘাটৰ কাঠনিত মথাউৰিৰ দুয়ো পাৰে যাতায়ত কৰাৰ ৰেম্ব নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে ঠিকাদাৰগৰাকীক বহু বাৰ দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব দিয়া নাছিল। ফলত আজি অঞ্চলটোৰ ৰাইজে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে।ইফালে এই পথটো (ৰেম্ব) নিৰ্মাণ কৰি নিদিলে লাহৰীঘাটৰ পৰা কাঠনি হাই স্কুল, কাঠনি এম ই স্কুল, কাঠনি পাৰঘাট আদিলৈ যাতায়ত কৰাৰ ক্ষেত্ৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি সকলো ৰাইজৰে তীব্ৰ সমস্যাৰ সৃষ্টি হব। স্থানীয় ৰাইজে পথৰ দুয়ো কাষে অতি সোনকালেই ৰেম্ব নিৰ্মাণ কৰি দিবলৈ দাবী জনাইছে।
প্ৰেৰক আবুল কালাম