নিয়মীয়া বাৰ্তা, ১৭ মে’ : ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ইতিহাসপ্ৰসিদ্ধ হাৰ্হি অঞ্চলৰ গোবিন্দপুৰত ১৯৯৮ চনতে প্ৰতিষ্ঠা হৈছিল ঢকুৱাখনা মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়। বিগত ২৫ বছৰীয়া গৌৰৱোজ্জ্বল বৰ্ণিল বিদ্যায়তনিক পৰিক্ৰমাত বৌদ্ধিক আৰু শৈক্ষিক উত্তৰনেৰে উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।বিগত ২৫ বছৰীয়া যাত্ৰাৰ গৌৰৱোজ্জ্বল ক্ষণটি স্মৰণীয়, সজীৱ আৰু সমৃদ্ধ কৰাৰ মানসেৰে শিক্ষানুষ্ঠানখনৰ পৰিয়ালে ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে।মহাবিদ্যালয়খনৰ এই বৰ্ষজোৰা ৰূপালী জয়ন্তী উদযাপনৰ হেতু এখন শক্তিশালী উদযাপন সমিতি গঠন কৰিবলৈ অহা ২১মে’ত দিনৰ ১১.৩০ বজাত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা আহ্বান কৰিছে।হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে জনোৱা মতে উক্ত দিনা অনুষ্ঠিতব্য সভাতেই ৰূপালী জয়ন্তী উৎসৱৰ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হ’ব আৰু উদযাপনৰ দিন নিৰ্ধাৰণ কৰা হ’ব।সেয়ে উক্ত সভাত শিক্ষানুৰাগী ৰাইজ,প্ৰাক্তন শিক্ষাৰ্থী,শুভাকাংশীৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে মহাবিদ্যালয়ৰ পৰিয়ালে।
প্রেৰক পুলকজ্যোতি বৰা