নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তৰাষ্ট্রীয় পর্যায়ত কাৰাটেত যোৰহাটৰ তিনি খেলুৱৈৰ সাফল্য

নিয়মীয়া বাৰ্তা, ১৭ মে : নেপালৰ কাঠমাণ্ডূৰ কটেশ্বৰত ১৪ মে’ৰ পৰা ১৬ মে’লৈকে অনুষ্ঠিত ইণ্ডো-নেপাল আন্তৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে নেপাল ছিতৰিঅ’ কেৰাটে এছ’চিয়েচন আৰু এআইএমএছে আয়োজন কৰা বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনত ভাৰতৰ পৰা সৰ্বমুঠ ১৫০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। উক্ত আন্তৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপখনত অসমৰ হৈ প্রতিনিধিত্ব কৰা যোৰহাট হাবিচুকৰ জীতেন বৰাই ৰূপ, অতুল চন্দ্ৰ কলিতা আৰু বালিগাঁৱৰ মৃদুল পবন জোনে ব্ৰঞ্জৰ পদক লাভ কৰে। খেলুৱৈ তিনিগৰাকীৰ এই সাফল্যত যোৰহাটৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ লগতে উত্তৰ-পশ্চিম যোৰহাট সাংবাদিক সন্থা, উত্তৰ পশ্চিম যোৰহাট কবি সন্মিলন, বালিগাঁও সাহিত্য সভা, আশীর্বাদ শৈক্ষিক ন্যাস আদিয়ে সন্তোষ প্রকাশ কৰিছে ।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like