নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ভিন্ন স্পৰ্শকাতৰ বিষয়ক লৈ গোচৰ পঞ্জীয়নেৰে তদন্ত মানৱ অধিকাৰ আয়োগৰ

বিশেষ বাৰ্তা, ১৭ মেঃ ​ৰাজ্যিক মানৱ অধিকাৰ আয়োগে কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি ইয়াৰ তদন্ত আৰম্ভ কৰিছে। মানৱ অধিকাৰ আয়োগৰ সদ্য নিযুক্ত সদস্য শান্তনু ভৰালীয়ে গুৱাহাটীৰ বিভিন্ন ঠাইত কিছুদিনৰ পৰা তৃতীয় লিংগৰ মানুহে সৰ্বসাধাৰণ ৰাইজৰ হাৰাশাস্তি কৰা বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। অসম আৰক্ষীৰ লগতে জেইল কৰ্তৃপক্ষকো এই সম্পৰ্কত প্ৰতিবেদন দাখিল কৰিবৰ বাবে মানৱ অধিকাৰ আয়োগে আহ্বান জনাইছে। লগতে নাৰেংগীৰ অইল ইণ্ডিয়াৰ চৌহদত দুজন কৰ্মচাৰীৰ মৃত্যু, অক্সিজেনৰ অভাৱত নলবাৰী মেডিকেল কলেজত ৰিংকু হালৈৰ মৃত্যু, খানাপাৰাৰ গনেশ মন্দিৰ হাইস্কুলত পেলুৰ দৰৱ খাই বহু ছাত্ৰ ছাত্ৰী অসুস্থ বিষয়ৰ ওপৰতো আয়োগে গোচৰ পঞ্জীয়ন কৰিছে। ​আজি কিছুদিনৰ পৰা বাতৰি কাকত, ইলেক্ট্ৰনিক মিডিয়া আৰু ছচিয়েল মিডিয়াত গুৱাহাটীৰ বিভিন্ন অঞ্চলত তৃতীয় লিংগৰ মানুহে পইচা বিচাৰি জনসাধাৰনক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। যোৱা ২১ এপ্ৰিলত এজনী সৰু ছোৱালীক গনেশগুৰিৰ এপ’ল’ চিকিৎসালয়ৰ কাষত তৃতীয় লিংগৰ মানুহে অপদস্থ কৰাৰ বাতৰি প্ৰকাশ পাইছিল। যোৱা বছৰো মালিগাঁৱত এনেকুৱা দুটা দলৰ মাজত কাজিয়া লগা বুলি ইলেক্ট্ৰনিক মিডিয়াত ওলাইছিল। তাৰ উপৰিও বাটে-ঘাটে তৃতীয় লিংগৰ মানুহে চিটি বাছ, ৰেল, দোকান-পোহাৰ আদিত পইচা বিচাৰি আৰু পইচা নেপালে মানহানি কৰা বা অপদস্থ কৰা আদি বিষয় বিলাক চালি জাৰি চাই ৰাজ্যিক মানৱ অধিকাৰ আয়োগে সদস্য ভৰালীয়ে গোচৰ নিজাববীয়াকৈ গ্ৰহন কৰি অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানলৈ কেতবোৰ প্ৰশ্ন উত্থাপন কৰে। তৃতীয় লিংগৰ ব্যক্তিক ৰাখিবৰ বাবে থানা বা জেইলত বিশেষ ব্যৱস্থা আছেনে নাই, এতিয়ালৈ এনেকুৱা কিমান গোচৰ পঞ্জীয়ন হৈছে, কাৰোবাক গ্ৰেপ্তাৰ কৰা হৈছেনে আদি বিষয়বিলাকৰ ওপৰত জানিবৰ কাৰণে ৰাজ্যিক আয়োগে আৰক্ষীক প্ৰতিবেদন দাখিল কৰিবলৈ কয়। সদ্যহতে গোচৰটো এই পৰ্যায়তে ৰাখি পৰৱৰ্তী সময়ত তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবেও ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি আয়োগে নিজৰ ৰায়টোত উল্লেখ কৰিছে। ​আনহাতে, অইল ইণ্ডিয়া চৌহদত দুজন কৰ্মচাৰীৰ বিদ্যুতপৃষ্ট হৈ মৃত্যু বৰণ কৰা, গোৱালপাৰাৰ ধূপধৰাত চালানী মাছ খাই জনসাধাৰণ অসুস্থ হোৱা আদি বিষয়বিলাকৰ ওপৰতো নিজাববীয়াকৈ ৰাজ্যিক মানৱ অধিকাৰ আয়োগে গোচৰ পঞ্জীয়ন কৰি উৰ্দ্ধতম কৰ্তৃপক্ষক ঘটনাৰ তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবৰ বাবে আহ্বান জনাইছে। ৰাজ্যিক মানৱ অধিকাৰ আয়োগে যোৱা এক সপ্তাহৰ ভিতৰত কুৰিতকৈয়ো অধিক গোচৰ নিজাববীয়াকৈ গ্ৰহন কৰিছে। নৱনিযুক্ত সদস্য ভৰালীৰ তৎপৰতাক সাধাৰন ৰাইজে সলাগ লৈছে। গুৱাহাটীৰ লেম্ব ৰোডৰ জাৱৰ পৌৰ নিগমে পৰিস্কাৰ নকৰি পেলাই ৰখা বাবেও আয়োগে পৌৰ নিগমক জৱাবদিহি কৰিছে।

You might also like