নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাৱজ্জীৱন নে মৃত্যুদণ্ড : ডিব্ৰুগড়ৰ চৰিতা মাৰ্ডাৰৰ দোষীৰ কাইলৈ শাস্তিৰ ৰায়দান

✅ডিব্ৰুগড়ৰ চিকিৎসক চৰিতা তচনিৱালৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান
✅আদালতৰ ৰায়দানত কিৰু মেছক দোষী সাব্যস্ত
✅যাৱজ্জীৱন নে মৃত্যুদণ্ড? আজি হব ঘোষণা
✅চিকিৎসক দীপমনি শইকীয়াক দোষমুক্ত ঘোষণা!
✅উচ্চ ন্যায়লয়ৰ দ্বাৰস্থ হব চৰিতাৰ পৰিয়াল!
✅সুদীৰ্ঘ ৯ বছৰ ৯ দিন যোৰা গোচৰটোৰ মুঠ ৬১ গৰাকী সাক্ষী!
বিশেষ বাৰ্তা, ১৭ মেঃ সুদীৰ্ঘ ন বছৰৰ পূৰ্বৰ এক নৃশংস হত্যাকাণ্ডৰ গোচৰত দুই অভিযুক্তৰ এজনক দোষী ৰায়দানৰ বিপৰীতে আনজনক দোষমুক্ত ৰায়দান ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ। ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ চিকিৎসক সৰিতা তচনিৱালৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত অভিযুক্ত কিৰু মেছক আজি ডিব্ৰুগড়ৰ আদালতৰ চূড়ান্ত ৰায়দানত দোষী সাব্যস্ত কৰিছে। ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত আদালতে দোষী সাব্যস্ত কৰিছে অভিযুক্ত কিৰু মেছক। আনহাতে একেটা গোচৰত অভিযুক্ত চিকিৎসক দীপমনি শইকীয়াক দোষমুক্ত ঘোষণা কৰে আদালতে। ডিব্ৰুগড় মেডিকেলৰ চিকিৎসক সৰিতা হত্যাকাণ্ডৰ সুদীৰ্ঘ ৯ বছৰৰ পাছত ডিব্ৰুগড়ৰ আদালতে আজি দিয়া চূড়ান্ত ৰায়দানত অৱশ্যে অভিযুক্ত ৱাৰ্ডবয় কিৰু মেছৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড হবনে? নে ফাঁচী হ’ব? সেই চুড়ান্ত সিদ্ধান্ত কাইলৈ অৰ্থাৎ ১৮ মে’ৰ পুৱা ১০:৩০ বজাত ঘোষণা কৰাৰ কথা আদালতে অৱগত কৰিছে। ইপিনে কৰ্তব্যৰত অৱস্থাত অতি নৃশংসভাবে হত্যাকাণ্ডৰ বলি হোৱা ডাঃ সৰিতা তচনিৱালৰ হত্যাকাণ্ডৰ ৰায়দানৰ সন্দৰ্ভত সন্তুষ্ট নহয় চৰকাৰী অধিবক্তা। ডাঃ সৰিতাৰ অধিবক্তাই এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত ন্যায়ৰ বাবে পুনৰ আবেদন কৰিব বুলি সদৰী কৰি সংবাদ মাধ্যমক কয় যে ১৫২ পৃষ্ঠাৰ আদালতৰ ৰায়দান অনুসৰি গোচৰীয়া পক্ষই ডাঃ দীপমনি শইকীয়াক, হত্যাত জৰিত থকাতো তথ্যসহ প্ৰমাণ কৰিব নোৱাৰাৰ বিপৰীতে কিৰু মেছ হত্যাত জৰিত হোৱাৰ স্পষ্ট প্ৰমাণিত হোৱা বুলি ৰায়দানত কোৱা হৈছে। আনহাতে অভিযুক্ত কিৰু মেছৰ উপযুক্ত শাস্তিৰ পৰিমাণৰ সন্দৰ্ভত ৰায়দান কাইলৈ পুৱা ১০:৩০ বজাত হব। আদালতৰ ৰায়দানত অসন্তোষ প্ৰকাশ কৰি অধিবক্তা শ্যাম দত্তই, ডাঃ দীপমনি শইকীয়াৰ বিৰুদ্ধে পুনৰ উচ্চ ন্যায়ালয়ত আৱেদন কৰাৰ কথা সদৰী কৰি কয় যে যিহেতু ইমান ভয়াৱহ হত্যাকাণ্ড আছিল, সেয়ে কিৰু মেছে অকলে কৰিব নোৱাৰে আৰু কিৰুৰ সাক্ষীৰ ভাষ্যতো এয়া স্পষ্ট প্ৰমাণিত হৈছে। আদালতত কিৰু মেছে দিয়া সাক্ষ্যদানৰ ভিত্তিত কয় যে প্ৰথমে কিৰু মেছৰ লগত ডাঃ দিপমনিৰ পৰিচয় হৈ ইমান কম দৰমহাৰে পৰিয়াল কেনেকৈ চলে বুলি সুধি, তোমাক মই সহায় কৰিম আৰু তুমিও মোক সহায় কৰি দিব লাগিব বুলি কৈছিল। তেতিয়াই চৰিতাক হত্যা কৰাৰ কথা কিৰু মেছক কৈছিল দীপমনিয়ে। ২০১৪ চনৰ ৮ মে’ৰ নিশা অসম মেডিকেল কলেজৰ প্ৰসূতি বিভাগত নিশাৰ দায়িত্বত ডাঃ দীপমনি শইকীয়া, ডাঃ সৰিতা তচনিৱাল, ৱাৰ্ডবয় কিৰু মেছ, নাৰ্ছ পূৰ্ণিমা বৰা আছিল। কিন্তু সেই নিশা অকৰ্তৃত্বশীলভাবে চিকিৎসক দীপমনি উপস্থিত নাছিল আৰু পুৱা কিৰুৱে সময় পাৰ হল বুলি মিছা কথা কৈ নাৰ্ছগৰাকীক ঘৰলৈ পঠাই দিছিল। তেতিয়াই সম্পূৰ্ণ পূৰ্ব পৰিকল্পনা অনুসৰি জঘন্য হত্যাকাণ্ডটো সংঘটিত হৈছিল বুলি অধিবক্তা শ্যাম দত্তই সদৰী কৰে। অন্যহাতে ডাঃ দীপমণি শইকীয়াৰ পক্ষৰ অধিবক্তা শ্যামল শীলে কয় মুঠ ৬১গৰাকী সাক্ষীৰ কোনো এগৰাকী সাক্ষীয়েও ডাঃ দীপমণি শইকীয়াৰ বিৰুদ্ধে শক্তিশালী ভাৱে তথ্য, প্ৰমাণ প্ৰকাশ কৰিব পৰা নাছিল। আনকি ডাঃ সৰিতা তচনিৱালৰ পিতৃ-মাতৃয়ে আৰু পৰিয়ালে ডাঃ দীপমণি শইকীয়াৰ বিৰুদ্ধেও কোৱা নাছিল। ইফালে ঘটনাৰ সময়চোৱাত কিৰু মেছক আৰক্ষীৰ জিম্মাত থকা সময়ত স্বাস্থ্য পৰীক্ষা কৰা সময়ত আঘাতৰ চিহ্ন পোহৰলৈ অহা বিষয়বিলাক গোচৰটোত উল্লেখযোগ্য আছিল বুলি কয় অধিবক্তা শ্যামল শীলে। মহামান্য আদালতৰ ৰায় ন্যায় সন্মত বুলি উল্লেখ কৰি অধিবক্তা গৰাকীয়ে কয় ৰায়দানত পৰৱৰ্তী আৱেদনৰ বহু পথ মুকলি হৈ আছে আৰু কিৰুৰ ন্যায়ৰ বাবে পুনৰ আবেদন জনোৱাৰ কথা ব্যক্ত কৰে। উল্লেখ্য যে ডাঃ দীপমণি শইকীয়া আৰু কিৰু মেছৰ হৈ ক্ৰমে অধিবক্তা শ্যামল শীল, অধিবক্তা সমীৰ টোডী আৰু এটা দলে একত্রিত ভাৱে কাম কৰিছিল। ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে সম্পূৰ্ণ ১৫২ পৃষ্ঠাজোৰা ৰায়দান নামা যোগে সুদীর্ঘ ৯ বছৰীয়া গোচৰটোৰ আজি একপ্ৰকাৰ অৱসান ঘটায়। সুদীৰ্ঘ ৯ বছৰ ৯ দিন যোৰা গোচৰটোৰ মুঠ ৬১গৰাকী সাক্ষী আছিল। ক’ভিড মহামাৰীৰ ফলতো গোচৰ প্ৰক্ৰিয়া কিছু দীঘলীয়া হৈছিল। অৱশ্যে ন্যায়ালয়ৰ ৰায়ৰ পাছত সৰিতা তচনিৱাল পক্ষৰ চৰকাৰী অধিবক্তা শ্যাম দত্তই আনগৰাকী অভিযুক্তৰ শাস্তিৰ বাবেও উচ্চ ন্যায়ালয়ৰ দ্বাৰস্ত হোৱাৰ কথা প্ৰকাশ কৰে। ঘটনাৰ অভিযোগত সেই সময়ত কিৰু মেছ আৰু ২০১৪ ৰ ১৪ মে’ত গ্ৰেপ্তাৰ হৈছিল আনজন অভিযুক্ত ডাঃ দীপমণি শইকীয়া। উল্লেখ্য যে সেই সময়ত ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত ৩৭০/১৪ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হৈছিল।
কিদৰে সংঘটিত হৈছিল উক্ত জঘন্য হত্যাকাণ্ডটো?
২০১৪ চনৰ ৮ মে’ত সৰিতাৰ সৈতে দীপমণিক নৈশ কৰ্তব্য দিয়া হৈছিল যদিও অসুস্থতাৰ অজুহাতত দীপমণিয়ে নিজৰ কামৰ পৰা বিৰত আছিল। অকলেই ডাঃ চৰিতাই প্ৰসূতি বিভাগত নিজৰ কৰ্তব্য পালন কৰিব লগা হৈছিল। ৱাৰ্ড বয় কিৰু মেচ আৰু নাৰ্ছ পূৰ্ণিমা বৰাই সেই নিশা দায়িত্বত ​​আছিল। পিছদিনা পুৱা অৰ্থাৎ  ৯ মে’ৰ পুৱা প্ৰায় ৫.৩০ মান বজাত কিৰুৱে ৰোগীৰ তালিকাখন নিয়ম অনুসৰি বিভাগটোৰ মেট্ৰনক দিবলৈ ওলাই গ’ল। ব্লাড বেংকৰ সন্মুখত থিয় হৈ থকা দীপমণিক পাই সি তাৰ ওচৰ পালেগৈ। দীপমণিয়ে তাক ক’লে যে আজিয়েই (৯ মে’) কোনো অসুবিধা নোহোৱাকৈ চৰিতাক হত্যা কৰিব লাগিব। সেই অনুসৰি বিভাগত থকা নাৰ্ছ পূৰ্ণিমাক ৱাৰ্ডৰ পৰা ঘৰলৈ সোনকালে যাবলৈ দীপমনিয়ে কিৰুক নিৰ্দেশ দিয়ে। সেই অনুসৰি কিৰুৱে ৱাৰ্ডলৈ উভতি আহি আই চি ইউৰ দূৰৈৰ মূৰত অৱস্থিত চিকিৎসকৰ ডিউটি ​​ৰুমৰ ভিতৰত বিচনাত শুই থকা নাৰ্ছগৰাকীক দেখি তেওঁক জগাই যোৱাৰ সময় হ’ল বুলি কোৱাত কিছু সময়ৰ পাছত নাৰ্ছগৰাকী ওলাই যায়। যাওঁতে নাৰ্ছগৰাকীয়ে আই চি ইউৰ প্ৰৱেশদ্বাৰৰ ওচৰত চিকিৎসক দীপমণিক লগ পাই দুই এষাৰ কথা পাতি চৌহদৰ পৰা আঁতৰি যায়। পুৱা প্ৰায় ৬.১৫ বজাত দীপমণিয়ে আই চি ইউত প্ৰৱেশ কৰি কিৰুক এই হত্যাকাণ্ড সম্পাদন কৰিবলৈ ইংগিত দিলে। সেই অনুসৰি কিৰুৱে বিচনাত টোপনিত থকা ডাঃ চৰিতা তচনিৱালৰ কাষ চাপি ডিঙি চেপিবলৈ চেষ্টা কৰে যদিও চৰিতাই হঠাৎ সাৰ পাই দুটা জোৰকৈ চিঞৰ মাৰিলে। চৰিতাই হত্যাকাৰীৰ কিৰুৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰি থাকোঁতেই দীপমণিয়েও সেই সময়ত আহি চৰিতাক বিচনাৰ পৰা তুলি লৈ জোৰকৈ কোঠাটোৰ মজিয়াত পেলাই হেঁচি ধৰে।কিৰুৱে চৰিতাৰ বুকুত বহি এহাতেৰে মুখখন বন্ধ কৰি ৰাখি ডিঙিত চেপি থকাৰ সময়তে অভিযুক্ত চিকিৎসক দীপমণিয়ে তাইৰ ভৰি দুখন ধৰি কঁকালত বহি চৰিতাক লৰচৰ কৰিব নোৱাৰা কৰি পেলাই। কিছু সময়ৰ পাছত চিকিৎসক চৰিতা অজ্ঞান হৈ পৰি ৰয়। ইয়াৰ পাছত মৃত্যু হোৱা বুলি নিশ্চিত কৰিবলৈ চিকিৎসক দীপমণিয়ে ৱাৰ্ডৰ বাহিৰলৈ যোৱাৰ আগতে ষ্টেথ’স্কোপৰ সহায়ত চৰিতাৰ নিৰ্জীৱ শৰীৰটো ক্লিনিকেল পৰীক্ষা কৰিছিল। কেৱল সিমানেই নহয়, তাৰ আগতে দীপমণিয়ে চৰিতাৰ জিভাত ফেনাইলৰ টোপাল কিছুমান ঢালি দিছিল,যাতে তাই কিবা জোকাৰণি বা লৰচৰ জাতীয় গতিবিধি কৰে নেকি চাবলৈ। অৱশেষত মৃত্যু নিশ্চিত হোৱাত দুয়োজনে মৃতদেহটো তুলি লৈ বিচনাত শুই থকাৰ বেশত কম্বলেৰে ঢাকি থৈ দিয়ে।তাইৰ মৃত্যু হোৱা বুলি নিশ্চিত হ’বলৈ কিৰুৱে চেপ্টিক ৱাৰ্ডলৈ গৈ ডিচপ’জেবল চাৰ্জিকেল ছুৰী এখন আনি চৰিতাৰ ডিঙিত সুমুৱাই দিয়ে।ইয়াৰ পিছত কিৰুৱে মৃত চৰিতাৰ মোবাইলটো লৈ অপৰাধস্থলীৰ পৰা পলায়ন কৰে। অপৰাধ সংঘটিত কৰাৰ সময়ত অভিযুক্ত চিকিৎসক দীপমণিয়ে এযোৰ চাৰ্জিকেল গ্ল’ভছো পিন্ধিছিল। সঁচাকৈ চৰিতাৰ মৃত্যু হোৱাটো নিশ্চিত কৰাৰ পিছতহে দীপমণিয়ে সেই ঠাইৰ পৰা পলায়ন কৰিছিল। পূৰ্ব পৰিকল্পিত আৰু শীতল মস্তিষ্কৰে কৰা হত্যাকাণ্ড আছিল এইটো। সেই সময়ত ৱাৰ্ডত থকা যোৰহাটৰ এগৰাকী লেডী এটেণ্ডেণ্টে ভুক্তভোগীৰ উচ্চ চিঞৰ শুনিছিল। আনকি তেওঁ জানিবলৈ চেষ্টা কৰিছিল যদিও দুৱাৰমুখত থিয় হৈ অভিযুক্ত চিকিৎসক দীপমণিয়ে তেওঁক কোঠাটোত প্ৰৱেশ কৰাত বাধা দিছিল। সেই সময়ৰ আৰক্ষী অধীক্ষক ৰাণা ভূঞাই সংবাদমেলত অভিযুক্ত চিকিৎসকগৰাকীয়ে অপৰাধ সংঘটিত কৰাৰ পিছত মৃত চৰিতাৰ কাপোৰ খুলি নিৰ্যাতন চলোৱাৰ লগতে মৃত চৰিতাৰ ব্যক্তিগত অংশত আঙুলি সোমাইছিল বুলিও জানিবলৈ দিছিল।
হত্যাৰ ষড়যন্ত্ৰ প্ৰায় এমাহ পূৰ্বে ডাঃ দীপমণি শইকীয়াই ৰচনা কৰিছিল!
প্ৰেম প্ৰত্যাখ্যানৰ বাবেই হৈছিল নৃশংস হত্যাকাণ্ড?
লেডী ডাক্তৰ সৰিতাক হত্যাৰ ষড়যন্ত্ৰ প্ৰায় এমাহ পূৰ্বে ডাঃ দীপমণি শইকীয়াই ৰচনা কৰিছিল।চৰিতাতকৈ এবছৰৰ ছিনিয়ৰ দীপমণি শইকীয়া একেটা বিভাগৰ হোৱাৰ লগতে আগয়ে প্ৰসূতি আৰু স্ত্ৰীৰোগ ৱাৰ্ডত একেলগে কৰ্তব্যও পালন কৰিছিল। দীপমণি শইকীয়া আৰু সৰিতাৰ মাজত আগতে আন্তৰিক প্ৰেমৰ সম্পৰ্ক আছিল যদিও বিগত সময়বোৰত তেওঁলোকৰ মাজত মনোমালিন্য ঘটিছিল। চৰিতাই দীপমণিক এৰাই চলাৰ লগতে মোবাইল ফোনৰ কেতিয়াও কোনো উত্তৰ নিদিছিল। তাইৰ দ্বাৰা এনেদৰে অবহেলা কৰাৰ পিছতেই প্ৰতিশোধৰে জ্বলি উঠা দীপমণিয়ে চৰিতাক চিৰদিনৰ বাবে নিঃশেষ কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি কণিষ্ঠ চিকিৎসক দীপমণিয়ে হত্যাৰ পৰিকল্পনা ৰচনা কৰি এই অপৰাধ সম্পন্ন কৰিবলৈ ৱাৰ্ড বয় কিৰু মেচৰ সহায় লয়। কিৰুৰ চাকৰিটো স্থায়ী কৰাৰ প্ৰতিশ্ৰুতি দি দীপমণিয়ে এই কাম সিদ্ধি কৰাবলৈ কিৰুক লোভ দিয়ে। লগতে চৰ্ত পালন কৰিবলৈ অস্বীকাৰ কৰিলে অস্থায়ী ৱাৰ্ড বয়ৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰো হুংকাৰ দিয়ে। ভাবুকি আৰু স্থায়ী চাকৰিৰ  প্ৰলোভনে কিৰুক সেই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছিল বুলি সেই সময়ত সংবাদ মাধ্যমক ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰাণা ভূঞাই সদৰী কৰিছিল। আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে এই বুলিও প্ৰকাশ কৰিছিল যে ২০১৪ চনৰ ২৪ এপ্ৰিলত এই হত্যাকাৰী যুটীয়ে চৰিতাক হত্যা কৰাৰ প্ৰথম প্ৰচেষ্টা চলাইছিল যদিও কৰ্তব্যৰত নাৰ্ছ এগৰাকী নিৰ্ধাৰিত সময়তো গুচি যোৱা নাছিল বাবে শেষ মুহূৰ্তত হত্যাৰ পৰিকল্পনা বাতিল কৰিব লগা হৈছিল। তদুপৰি সেই নিশা ৱাৰ্ডটো ৰোগী আৰু তেওঁলোকৰ অভিভাৱকৰ সৈতে মানুহেৰে ভৰি থকাৰ বাবেই তেওঁলোকে ৰিস্ক লোৱা নাছিল।
দুমাহৰ পিছতে হব লগা বিয়া নহলগৈ চৰিতাৰ!
শিৱসাগৰ নগৰৰ আমোলাপট্টি অঞ্চলৰ চৰিতাৰ জোৰোণ হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ সহপাঠী ৰৌশন আগৰৱালৰ সৈতে আৰু সেই নৃশংস হত্যাকাণ্ডৰ বৰ্ষতে অৰ্থাৎ ২০১৪ চনৰ ৭ জুলাইত তেওঁলোকৰ বিয়া ঠিক হৈছিল। কিন্তু সেয়াও পাষাণ হত্যাকাৰীৰ বাবে হৈ নুঠিল। এই সমগ্ৰ ঘটনাৰ পাছত প্ৰেমিকা ৰৌশনে সংবাদ মাধ্যমক কৈছিল—- ‘চৰিতাই পুৱা ৫.১০ মান বজাত ফোন কৰি জগাই দিছিল। কাৰণ সিদিনা পৰীক্ষা আছিল আৰু পুৱা প্ৰায় ৮.৩০ বজাত উক্ত ভয়ংকৰ ঘটনাটোৰ বিষয়ে জানিছিলো। বিশ্বাস কৰিবলৈ পৰা নাই যে তাই আৰু নাই। মোৰ গোটেই জীৱন ছিন্ন-ভিন্ন হৈ পৰিছে।’- এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰৌশন আগৰৱালাই। নগাঁও জিলাৰ কঠিয়াতলিৰ ৰৌশনৰ পিতৃয়ে এই শোকাৱহ ঘটনাটো শুনি সেই সময়ত ততাতৈয়াকৈ ডিব্ৰুগড়লৈ আহিছিল। এই ভয়ংকৰ হত্যাকাণ্ডৰ প্ৰতিবাদত চিকিৎসকে সেই সময়ত কাম বন্ধ কৰি দিয়াত এ এম চি এইচ কেম্পাছত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছিল। প্লেকাৰ্ড লৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলে কেম্পাছত প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ চিকিৎসা মহাবিদ্যালয়ত পৰ্যাপ্ত সুৰক্ষাৰ দাবী জনাইছিল। এতিয়া অসম মেডিকেল কলেজৰ ৰোগী বা অনান্য সকলৰ বাবে কিমান নিৰাপদ বা সুৰক্ষিত, সেয়া নিশ্চয়কৈ বিচাৰ্যৰ বিষয়।
 ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।
You might also like