বিশেষ বাৰ্তা, ১৭ মে’ : আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই সম্প্ৰতি নতুন মোৰ লৈছে৷ বিশেষকৈ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পাছতেই লখিমপুৰ বঙালমৰাৰ এগৰাকী মহিলা হাচিনা বেগমে জোনমণি ৰাভাৰ সন্দৰ্ভত কৰা কেতবোৰ বিস্ফোৰক মন্তব্যই সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ মাজত সন্দেহৰ উদ্দেগ ঘটাইছে৷ যিবোৰ মন্তব্যই এতিয়া ৰাজ্যজুৰি তোলপাৰ লগোৱাৰ লগতে আৰক্ষী বিভাগতো প্ৰৱল জোকাৰণি তুলিছে৷ উল্লেখ যে জিলাখনৰ বঙলামৰাত দীৰ্ঘদিন ধৰি চলি থকা নকল সোণ আৰু জাল নোটৰ ব্যৱসায়ৰ সন্দৰ্ভত বিস্ফোৰক তথ্য সংবাদ মাধ্যমত প্ৰকাশ হৈ অহাৰ পিছতো লখিমপুৰ আৰক্ষীয়ে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে কাৰ্য ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিণতিত সম্প্ৰতি লখিমপুৰত জাল নোট নকল সোণৰ ব্যৱসায়ৰ প্ৰসঙ্গই ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ লখিমপুৰ আৰক্ষীয়ে অসাধু চক্ৰটোক ৰক্ষণাবেক্ষণ দি অহাৰ তথ্য এক সংবাদ মেলযোগে যোৱা ২৬ এপ্ৰিলত হাচিনা বেগম নামৰ এগৰাকী মহিলাই বঙালমৰা মহঘূলিৰ এগৰাকী ভূক্তভোগী মহিলাই সবিষ্টাৰে সদৰি কৰাৰ পিচতো লখিমপুৰ আৰক্ষীয়ে এই ব্যৱসায়ৰ বিৰুদ্ধে তাৎক্ষণিক ভাৱে কোনা ব্যৱস্থা গ্ৰহণ নকৰাত সম্প্ৰতি আৰক্ষীৰ ভূমিকাক লৈ সচেতন ৰাইজে সন্দেহৰ আঙুলি টোৱাঁইছে৷ শেহতীয়াকৈ নগাঁৱৰ জখলাবন্ধাৰ সৰুভগীয়াত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গভীৰ নিশা পথ দুৰ্ঘটনাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই লখিমপুৰ হাচিনা বেগম নামৰ মহিলাগৰাকীয়ে লখিমপুৰত আৰক্ষী বিভাগ, জালনোট ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰাত নকল সোণ জাল নোটৰ ব্যৱসায়ৰ বিষয়টোৱে পুনৰ প্ৰৱল জোকাৰণিৰ সৃষ্টি কৰিছে৷ এচ আই জোনমণিৰ ৰাভাৰ মৃত্যুৰ ঘটনাক দুৰ্ঘটনা বুলি প্ৰচাৰ হ’লেও সম্প্ৰতি জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই নতুন মোৰ লৈছে৷ নকল সোণ আৰু জাল নোটৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ বাবেই জুনমণি ৰাভাৰ মৃত্যু হোৱা বুলি সন্দেহ ঘনিভূত হৈছে৷ এই সন্দৰ্ভত নাওবৈচা মহঘূলিৰ হাচিনা বেগম নামৰ মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত প্ৰকাশ কেতবোৰ বিস্ফোৰক তথ্যই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হাচিনা বেগমৰ মতে- মৃত্যুৰ দুদিন পূৰ্বে তেওঁক জোনমণি ৰাভাই ফোন কৰি জাল নোট চক্ৰই মৃত্যুৰ ভাবুকি প্ৰদান কৰা বুলি তথ্য ব্যক্ত কৰাৰ লগতে নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাই ভাবুকি দিয়াৰ কথাও সদৰি কৰিছে৷ নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাই জোনমণি ৰাভাক ৬ লাখ টকা দাবী কৰা বুলিহে মন্তব্য কৰে৷ ইফালে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে হাচিনা বেগমক ভাবুকি দিয়া বুলিও অভিযোগ তোলে আৰু ইতিমধ্যে ৰুণা নেওগৰে তেওঁৰ সৈতে হোৱা কথোপকথনৰ তথ্যও ৰাজহুৱা কৰে আৰু এতিয়া উক্ত বাৰ্তালাপ সামাজিক মাধ্যমত ব্যাপক ৰূপত চৰ্চিত হৈছে৷ হাচিনা বেগমৰ মতে জিলাখনৰ বঙালমৰাকে ধৰি নগাঁও আদি কৰি সমগ্ৰ ৰাজ্যতে চলি থকা জাল নোট আৰু নকল সোণ ব্যৱসায়ীৰ চক্ৰৰ বিৰুদ্ধে জোনমণি ৰাভাৰ সহযোগত অভিযান চলোৱাৰ পৰিণতিতে উক্ত দুষ্ট চক্ৰটোৱে জোনমণি ৰাভাৰ বিৰুদ্ধে মিছা অভিযোগ তুলি লখিমপুৰত এজাহাৰ দাখিল কৰাৰ পিচতে আৰক্ষীয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে যি তৎপৰতা প্ৰদৰ্শন কৰিলে সেই তৎপৰতাই লখিমপুৰ আৰক্ষীৰ দুষ্ট চক্ৰটোৰ সৈতে থকা মিতিয়ালিকে স্পষ্ট কৰিলে বুলি তেওঁ আন এক গুৰুতৰ অভিযোগ তোলে৷ আনহাতে নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই মাতি আনি আমিনা খাটুনৰ জৰিয়তে এজাহাৰ লোৱাৰো গুৰুতৰ অভিযোগ তোলে হাচিনা বেগমে৷ তেওঁ কয় নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত যোৱা ২৬ এপ্ৰিলত এক সংবাদ মেল যোগে বঙালমৰাত দীৰ্ঘদিন ধৰি অবাধ গতিত চলি থকা নকল সোণ আৰু জাল নোটৰ প্ৰসঙ্গ দাঙি ধৰি লখিমপুৰ আৰক্ষীৰ দৃষ্টিগোচৰ কৰিছিল যদিও লখিমপুৰ আৰক্ষীয়ে জালনোট চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱ বিপৰীতে ৰক্ষণাবেক্ষণ দিয়াৰহে চেষ্টা চলালে৷ ইয়াৰে উদাহৰণ হিচাপে জিলা খনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে তেওঁক প্ৰকাৰন্তৰে ভাবুকিহে দিলে৷ এনে পৰিস্থিতিত দুষ্ট চক্ৰক ৰক্ষণাবেক্ষণ দিয়া আৰক্ষীয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে দিয়া এজাহাৰত তাৎক্ষণিক গুৰুত্ব দি জোনমণি ৰাভাৰ বিৰুদ্ধে অভিযান চলোৱাতো কিমানদূৰ যুক্তিসংগত তথা জালনোট চক্ৰৰ প্ৰতি আৰক্ষী কিমান সহানুভূতিশীল তাকে প্ৰমাণ কৰি দিলে বুলি হাচিনা বেগমে অভিযোগ কৰে৷ হাচিনা বেগমৰ মতে নাওবৈচা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া আৰু জালনোট চক্ৰৰ নায়ক সকলে জোনমণি ৰাভাক ভাবুকি দি অহাৰ কথা জোনমণিয়ে তেওঁক কৈছিল বুলি স্পষ্ট কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে মন্তব্য কৰে৷ ইপিনে আজি নাওবৈচা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাই আজি সংবাদ মাধ্যমৰ সন্মুখত এয়া এক গোকাত মিছা কথা বুলি মন্তব্য কৰি তেওঁ কোনো চক্ৰই মৃত্যুৰ ভাবুকি প্ৰদান কৰা বুলি তথ্য ব্যক্ত কৰাৰ লগতে নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাই ভাবুকি দিয়াৰ কথাও সদৰি কৰিছে৷ নাওবৈচা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাই জোনমণি ৰাভাক ৬ লাখ টকা দাবী কৰা বুলিহে মন্তব্য কৰে৷ ইফালে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে হাচিনা বেগমক ভাবুকি দিয়া বুলিও অভিযোগ তোলে আৰু ৰুণা নেওগৰে তেওঁৰ সৈতে হোৱা কথোপকথনৰ তথ্যও ৰাজহুৱা কৰে আৰু এতিয়া উক্ত বাৰ্তালাপ সামাজিক মাধ্যমত ব্যাপকৰূপত চৰ্চিত হৈছে৷ হাচিনা বেগমৰ মতে জিলাখনৰ বঙালমৰাকে ধৰি নগাঁও আদি কৰি সমগ্ৰ ৰাজ্যতে চলি থকা জাল নোট আৰু নকল সোণ ব্যৱসায়ীৰ চক্ৰৰ বিৰুদ্ধে জোনমণি ৰাভাৰ সহযোগত অভিযান চলোৱাৰ পৰিণতিতে উক্ত দুষ্ট চক্ৰটোৱে জোনমণি ৰাভাৰ বিৰুদ্ধে মিছা অভিযোগ তুলি লখিমপুৰত এজাহাৰ দাখিল কৰাৰ পিচতে আৰক্ষীয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে যি তৎপৰতা প্ৰদৰ্শন কৰিলে সেই তৎপৰতাই লখিমপুৰ আৰক্ষীৰ দুষ্ট চক্ৰটোৰ সৈতে থকা মিতিয়ালিকে স্পষ্ট কৰিলে বুলি তেওঁ আন এক গুৰুতৰ অভিযোগ তোলে৷ আনহাতে নাওবৈচা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়াই মাতি আনি আমিনা খাটুনৰ জৰিয়তে এজাহাৰ লোৱাৰো গুৰুতৰ অভিযোগ তোলে হাচিনা বেগমে৷ তেওঁ কয় নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত যোৱা চ্ছ এপ্ৰিলত এক সংবাদ মেল যোগে বঙালমৰাত দীৰ্ঘদিন ধৰি অবাধ গতিত চলি থকা নকল সোণ আৰু জাল নোটৰ প্ৰসঙ্গ দাঙি ধৰি লখিমপুৰ আৰক্ষীৰ দৃষ্টিগোচৰ কৰিছিল যদিও লখিমপুৰ আৰক্ষীয়ে জালনোট চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱ বিপৰীতে ৰক্ষণাবেক্ষণ দিয়াৰহে চেষ্টা চলালে৷ ইয়াৰে উদাহৰণ হিচাপে জিলা খনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগে তেওঁক প্ৰাকৰন্তৰে ভাবুকিহে দিলে৷ এনে পৰিস্থিতিত দুষ্ট চক্ৰক ৰক্ষণাবেক্ষণ দিয়া আৰক্ষীয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে দিয়া এজাহাৰত তাৎক্ষণিক গুৰুত্ব দি জোনমণি ৰাভাৰ বিৰুদ্ধে অভিযান চলোৱাতো কিমানদূৰ যুক্তিসংগত তথা জালনোট চক্ৰৰ প্ৰতি আৰক্ষী কিমান সহানুভূতিশীল তাকে প্ৰমাণ কৰি দিলে বুলি হাচিনা বেগমে অভিযোগ কৰে৷ হাচিনা বেগমৰ মতে নাওবৈচা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া আৰু জালনোট চক্ৰৰ নায়ক সকলে জোনমণি ৰাভাক ভাবুকি দি অহাৰ কথা জোনমণিয়ে তেওঁক কৈছিল বুলি স্পষ্ট কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে মন্তব্য কৰে৷ ইপিনে আজি নাওবৈচা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাই আজি সংবাদ মাধ্যমৰ সন্মুখত এয়া এক গোকাত মিছা কথা বুলি মন্তব্য কৰি তেওঁ কোনো ধৰণৰ ভাবুকি প্ৰদান কৰা নাই বুলি স্পষ্ট কৰে৷ লগতে জোনমণি ৰাভাই ৬ মে’ত আজগৰ আলিক গ্ৰেপ্তাৰ কৰিবলৈ অহা তথ্য তেওঁক জনোৱা নাছিল বুলিও উল্লেখ কৰে৷ অন্যহাতে হাচিনা বেগমে লখিমপুৰৰ বঙালমৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চলি থকা জালনোট নকল সোণৰ ব্যৱসায় বঙালমৰাৰ পৰাই নিয়ন্ত্ৰিত হৈ আছে বুলি উল্লেখ কৰি সংবাদ মাধ্যমক আৰক্ষীৰে গোপন মিতিয়ালিৰ সন্দৰ্ভত বহু তথ্যৰ প্ৰমাণ তথা ভিডিঅ’ প্ৰদান কৰে৷ সম্প্ৰতি আৰক্ষী সঞ্চালক প্ৰধানৰ নিদ্দেৰ্শ মৰ্মে চি আই ডিয়ে সমগ্ৰ ঘটনাৰ দায়িত্ব গ্ৰহণ কৰি লখিমপুৰলৈ অহা বুলি জানিব পৰা গৈছে৷ ইফালে শেহতীয়াকৈ পোৱা তথ্য মতে লখিমপুৰ আৰক্ষীৰ অতিৰিক্ত অধীক্ষক ৰুণা নেওগক তাৎক্ষণিক ভাৱে লখিমপুৰৰ পৰা বদলী কৰা হৈছে৷
প্ৰেৰক নিতুল বৰা