নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱত ধুমুহাৰ তাণ্ডৱ : তচনচ বাসগৃহৰ লগতে বিলাসী বাহন

নিয়মীয়া বাৰ্তা,  ১৭ মেঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত খুমটাই সমষ্টিৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লেঙেৰা গাঁৱত মঙলবাৰে সন্ধিয়া পৰত অহা এজাক প্ৰবল ধুমুহাই তাণ্ডৱ সৃষ্টি কৰে। বিশেষকৈ মাত্ৰক দুই মিনিট মানৰ বাবে অহা এই প্ৰবল ধুমুহা জাকে গাঁওখনৰ পোহৰ হাজৰিকা, দেহেশ্বৰ বৰা, মৃদুল নেওগ, প্ৰবীণ বৰা, খগেশ্বৰ হাজৰিকা আদি কৰি কুৰিটাৰো অধিক বাসগৃহ ধুমুহাত ক্ষতি কৰে। ইফালে ৰাজু বৰা নামৰ এজন ব্যক্তিৰ এখন বলেৰ বাহনৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাত সম্পূৰ্ণ ৰুপে বাহনখন ভাঙি চুৰমাৰ হৈ পৰাৰ সমান্তৰালভাৱে পোহৰ হাজৰিকা নামৰ ব্যক্তিজনৰ এখন মেজিক ক্ষতিগ্ৰস্ত হয়। পথৰ ওপৰত প্ৰকাণ্ড গছ পৰি গাঁও খনৰ যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰে।বাসগৃহ, ভঁড়াল গৃহকে ধৰি নিমিষতে তচনচ হৈ পৰা গাঁওখনত বিৰাজ কৰিছে এতিয়া এক শোকাকুল পৰিবেশৰ।আজি গাঁওখনত খুমটাই সমষ্টিৰ বিধায়কৰ হৈ বিজেপি জিলা সম্পাদক পৰাগ বৰা, আৰু স্থানীয় প্ৰশাসনৰ এটা সজাতি দলে  ক্ষতিগ্ৰস্ত পৰিয়াল সমুহৰ বুজ লৈ অতি শীঘ্ৰেই পৰিয়াল সমুহক সাহাৰ্য্য প্ৰদান কৰা কথা জানিবলৈ দিয়ে।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী
You might also like