নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বিতাৰ সপোন দেৰগাঁৱৰ ৰঞ্জিত-ৰূপমৰ

নিয়মীয়া বাৰ্তা, ১৭ মে : মন কৰিলেই ছন, বাকৰি মাটিতে ধন। এই কথা প্ৰমান কৰিছে দেৰগাঁৱৰ ধেমাজী কৈৰ্ৱত্ত গাঁৱৰ দুই শিক্ষিত ভাতৃয়ে। ৰঞ্জীত ৰাজবংশী আৰু ৰূপম ৰাজবংশী নামৰ দুই ভাতৃয়ে ডেৰ বিঘা কৃষি ভূমিত ৰোপন কৰিছে ১৫০০ জোপাৰো অধিক ভোট জলকীয়া। নৈপৰীয়া অঞ্চলটোৰ পলসুৱা কৃষিভূমিত শিক্ষিত দুই ভাতৃয়ে দেখিছে সেউজ সপোন। প্ৰতি সপ্তাহত উৎপাদন হোৱা কুইণ্টলৰো অধিক ভোট জলকীয়া বিক্ৰী হয় দেৰগাঁৱৰ স্থানীয় বজাৰৰ লগতে যোৰহাট আৰু শিৱসাগৰৰ বজাৰত। ভোট জলকীয়া বিক্ৰী কৰি প্ৰতি সপ্তাহত দুই ভাতৃয়ে উপাৰ্জন কৰিছে চল্লিচ হাজাৰৰো অধিক টকা।  চৰকাৰী চাকৰিৰ আশাত বহুমূলীয়া সময় পাৰ নকৰি এই দুই ভাতৃয়ে ভোট জলকীয়া খেতিৰে বাছি লৈছে স্বাৱলম্বীতাৰ পথ। কেৱল ভোট জলকীয়াই নহয় সকলো বতৰীয়া পাছলিৰ খেতিৰে সেউজ বিপ্লৱৰ সূচনা কৰিছে ৰঞ্জীত আৰু ৰূপমে। কৃষি কৰ্মৰ মাজতেই জীৱন জীৱিকাৰ সন্ধান বিচাৰি পাইছে দেৰগাঁৱৰ এই দুই ভাতৃয়ে। চৰকাৰী চাকৰিৰ আশাত জীৱনৰ মূল্যৱান সময় হেৰুৱাই হতাশাত ভোগা বহুজনৰ বাবে প্ৰেৰণা হ’ব পাৰে ৰঞ্জীত আৰু ৰূপম।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী
You might also like