বিশেষ বাৰ্তা, ১৮ মে : লখিমপুৰত ছখনকৈ ফাৰ্মাচী চীল কৰি দিয়ে জিলাৰ ঔষধ পৰিদৰ্শকে। ঔষধ পৰিদৰ্শক হেমচন্দ্র ভট্টই জানিবলৈ দিয়া মতে কালিৰ পৰা জিলাখনত উপায়ুক্তৰ নিৰ্দেশত চলোৱা দুদিনীয়া এক অভিযানত ছখন ফাৰ্মাচী ৰ অনুজ্ঞাপত্ৰ নোপোৱাৰ বাবে চীল কৰি দিয়া হয়। ফাৰ্মাচীসমুহৰ অনুজ্ঞাপত্ৰ, সক্ষমতা অনুসৰি বিক্ৰী কৰিব পৰা দৰৱ, সক্ষমতা অতিক্রম কৰি ৰখা দৰৱ আদি বিভিন্ন দিশ এই অভিযানত পৰীক্ষা কৰা হয়। অভিযান কালত জিলা খনত ছখনকৈ ফাৰ্মাচী ৰ অনুজ্ঞাপত্ৰ নোপোৱাৰ বাবে চীল কৰা বুলি পৰিদৰ্শক জনে জানিবলৈ দিয়ে। চীল কৰা ফাৰ্মাচী কেইখন হল লখিমপুৰ ৰ নৰ্থ বেংক এপ’ল’, টি মেডিকেল, বিহপুৰীয়াৰ এছ এছ মেডিক’জ, ডিক্ৰং মেডিকেল, দেওতোলা মেডিকেল হল আৰু লাইফ লাইন মেডিকেল। ফাৰ্মাচী সমুহে পৰৱৰ্তী সময়ত বৈধ অনুজ্ঞাপত্ৰ দাখিল কৰিলে তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা বিভাগীয় ব্যবস্থা প্ৰত্যাহাৰ কৰা হব বুলি ঔষধ পৰিদৰ্শক জনে জানিবলৈ দিয়ে।
প্ৰেৰক জীৱন গোস্বামী