বিশেষ বাৰ্তা, ১৮ মেঃ অমৃতপাল সিঙৰ দেউতাক তৰচেম সিঙে তেওঁৰ পুত্ৰক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত আজি সাক্ষাৎ কৰে। সাক্ষাতৰ পাছত তৰচেম সিঙে সাংবাদিকক কয় যে অমৃতপালে তেওঁৰ অঞ্চলৰ বয়সস্থ ককাকসকল আৰু পঞ্জাৱত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰিছিল। অমৃতপাল ঠিকেই আছে। চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমি তেওঁৰ বাবে পাঞ্জাৱৰ পৰা কিছু খাদ্য সামগ্ৰীও আনিছিলো। আমি পঞ্জাৱ চৰকাৰক তেওঁক মুক্তি দিয়াৰ বাবে আবেদন জনাই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ আইনৰ পৰা ৰেহাই দিবলৈ অনুৰোধ জনাইছো বুলি পিতৃ তৰচেম সিঙে জানিবলৈ দি পুনৰাই কয় যে অমৃতপলক ভুলকৈ গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে অমৃতপাল সিঙৰ মাক বলবিন্দৰ কৌৰে তেওঁৰ পুত্ৰক লগ পোৱাৰ পিছত যথেষ্ট সুখী যেন লাগিছিল।তেওঁৰ পিতৃ-মাতৃয়ে অমৃতপাল সিঙক শেষবাৰৰ বাবে যোৱা ১৭ মাৰ্চত লগ পাইছিল বুলিও অৱগত কৰে। দীৰ্ঘদিনৰ পাছত কাৰাবন্দী অমৃতপালক সাক্ষাৎ কৰি কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ বাবে পাঞ্জাৱ চৰকাৰক আহ্বান জনায়। উল্লেখযোগ্য যে, পাঞ্জাৱৰ পৰা বিমানেৰে আহি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত খালিস্তানী নেতা অমৃতপাল সিংৰ পিতৃ তৰচেম সিং আৰু মাতৃ ৱলবিন্দৰ কৌৰ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয়। যোৱা ২৩ এপ্ৰিলত পাঞ্জাৱৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আনিছিল খালিস্তানী নেতা অমৃতপালক। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমিতপাল সহ আন দহজন সহযোগীয়ো বন্দীহৈ আছে। যোৱা ১৮ মাৰ্চৰ পৰা পৃথকে-পৃথকে পাঞ্জাৱৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আনিছিল খালিস্তানী তথা ৱাৰিছ পাঞ্জাৱ দেৰ নেতা সকলক। বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কুলৱন্ত সিং ধলিৱাল, ৱাৰিন্দৰ সিং জোহল, গুৰিন্দৰ পাল সিং, হৰজিৎ সিং, খাইৰা, ভগৱন্ত সিং বাজেকে ওৰফে প্ৰধানমন্ত্ৰী, বসন্ত সিং ফৌজি ,গুৰিন্দৰ পাল সিং আৰু পাপলপ্ৰীত সিঙ বন্ধী হৈ আছে।
প্ৰেৰক বিভাস দুৱৰা