নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ উদ্যোগত সজাগতা সভা

বিশেষ বাৰ্তা, ১৮ মেঃ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ উদ্যোগত মৰিয়নিৰ শিলিখা চাহ বাগিচাত ‘আপোনাৰ পদূলিত আপোনাৰ নিধি’ শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ দ্বাৰা বিত্তীয় শিক্ষামূলক সভাও অনুষ্ঠিত কৰা হয়। বিশেষকৈ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ দ্বাৰা ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণমূলক আঁ‌চনি সমূহৰ সম্পৰ্কে সজাগতা অনাৰ লগতে বেংক আদিৰ দ্বাৰা পাব পৰা বিভিন্ন সুবিধাৰ সম্পৰ্কে এই সভাৰ জৰিয়তে সজাগতা অনাৰ প্ৰয়াস কৰা হয় । আসাম টি প্লেন্টাৰ্ছ এছ’চিয়েছন (এ টি পি এ)ৰ যোৰহাট শাখাৰ সম্পাদক অঞ্জন ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত অংশগ্ৰহণ কৰি উপ-ভৱিষ্যনিধি আয়ুক্ত সোমেশ্বৰ বাঢ়ৈয়ে ভৱিষ্যনিধিৰ বিভিন্ন আঁ‌চনিৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। নিজ বক্তব্যত চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধিৰ উপ-ভৱিষ্যনিধি আয়ুক্তজনে কয় চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনে চাহ বাগিচাত কাম কৰি থকা শ্ৰমিক আৰু কৰ্মচাৰীৰ ভৱিষ্যৎ নিৰাপত্তাৰ হেতু কাম কৰি আহিছে। শ্ৰমিক- কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ নিৰাপত্তাৰ বাবে পাঁ‌চখনকৈ আঁ‌চনি ৰূপায়ণ কৰি আহিছে। ১৯৫৫ চনৰ ভৱিষ্যনিধি আঁ‌চনি, ১৯৬৭ চনৰ পেন্সন আঁ‌চনি, ১৯৭২ চনৰ পৰিয়াল পেন্সন, ডি এল আই আঁ‌চনি আৰু ২০১৭ চনৰ গ্ৰেচ্যুইটি আঁ‌চনি বৰ্তমানে চলি আছে। কিন্তু এই আঁ‌চনিসমূহৰ বিষয়ে অদ্যাপি বহু শ্ৰমিক আৰু কৰ্মচাৰী অৱগত নোহোৱাৰ হেতুকে তাৰ সুফল লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে সেইসকল শ্ৰমিক-কৰ্মচাৰী। তেওঁ কয়-ভৱিষ্যনিধি বিভাগে বিভিন্ন আঁ‌চনিৰ জৰিয়তে শ্ৰমিক কৰ্মচাৰীসকলক ধন দিব বিচাৰে । সেই ধনসমূহ কিদৰে ব্যৱহাৰ হয়, তাৰ সঠিক ব্যৱহাৰ, ধনসমূহ ক’লৈ যায়, তাক কিদৰে সঞ্চয় কৰিব পৰা যায় সেই সম্পৰ্কেও চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকলক অৱগত কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ লগতে উল্লেখ কৰে। তেওঁ লগতে কয়- ‘আপোনাৰ পদূলিত আপোনাৰ নিধি’ থীম লৈ চাহ শ্ৰমিক আৰু কৰ্মচাৰীসকলক অৱগত কৰাৰ উদ্দেশ্যেই এনে সজাগতা সভাৰ আয়োজন কৰা হৈছে । শিলিখা চাহ বাগিচাৰ কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই সকলো শ্ৰমিক কৰ্মচাৰীকে ভৱিষ্যনিধি বিভাগ, চৰকাৰ, বেংক আদিয়ে আগবঢ়োৱা বিভিন্ন আঁ‌চনিৰ সুবিধাসমূহ ল’বলৈ আহ্বান জনায়। এই আঁ‌চনিসমূহৰ বিষয়ে সঠিক ভাৱে নজনাৰ বাবেই ইয়াৰ সুবিধা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে বুলি উল্লেখ কৰি সাংসদ তাছাই এনে সজাগতমূলক সভাৰ যোগেদি শ্ৰমিক কৰ্মচাৰী সকলক অধিক সজাগ কৰিবলৈ আহ্বান জনায়। তাৰোপৰি প্ৰতিজন শ্ৰমিক কৰ্মচাৰীৰেই যাতে বেংকৰ একাউন্ট থাকে তাৰ প্ৰতিও সজাগ হ’বলৈ সাংসদজনে আহ্বান জনায়। প্ৰসংগক্ৰমে তেওঁ দৈনিক মজুৰি কম হোৱাৰ অজুহাতত চাহ বাগিচাৰ স্থায়ী কাম বাদ দি বাহিৰত হাজিৰা কৰিবলৈ শ্ৰমিকসকল যোৱাৰ প্ৰৱণতা বৃদ্ধি পাই অহাটোৱে চাহ বাগিচাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চাহ শ্ৰমিকসকলক অধিক কৰ্মযোগী হ’বলৈ আহ্বান জনায়। পূৰ্বৰ কংগ্ৰেছ চৰকাৰক কঠোৰ সমালোচনা কৰি বিধায়ক কুৰ্মীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰে চাহ শ্ৰমিকৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁ‌চনি আৰু সুবিধাৰ সম্পৰ্কে উল্লেখ কৰে। তাৰোপৰি তেওঁ শ্ৰমিকসকলক যিকোনো ধৰণে ধন সঞ্চয় কৰাৰ লগতে বীমা আদি কৰিবলৈ শ্ৰমিকসকলৰ প্ৰতি আহ্বান জনায় । ভাৰতীয় ষ্টেট বেংকৰ যোৰহাট ব্যৱসায় সম্প্ৰসাৰণৰ মুখ্য প্ৰৱন্ধক দিগন্ত কুমাৰ ৰাভাই আগবঢ়োৱা বিভিন্ন সুবিধা আৰু আঁ‌চনিৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই কিদৰে সেইসমূহ লাভ কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰে। বেংকৰ তৰফৰ পৰা আগবঢ়োৱা বীমা আৰু সঞ্চয়ৰ আঁ‌চনিসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰি সেইসমূহৰ পৰা পাব পৰা সুবিধাৰ সম্পৰ্কে বিস্তৃতভাৱে মন্তব্য আগবঢ়ায়। অসম চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি বিলাতী তাঁ‌তীয়ে চাহ বাগিচাসমূহত প্ৰচলন হৈ থকা চুলাই মদ আদিৰ ব্যাপক ব্যৱহাৰ আৰু বাল্য বিবাহে চাহ বাগিচাৰ প্ৰজন্মৰ পিছত প্ৰজন্মক শেষ কৰি পেলাইছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে । তাৰ পৰিৱৰ্তে ধনৰ সঞ্চয় আৰু বীমাৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ চাহ শ্ৰমিকসকলৰ প্ৰতি তেওঁ আহ্বান জনায় । শিলিখা চাহ বাগিচাৰ ভৱিষ্যনিধি বিষয়া পৰানজিত সন্দিকৈয়ে আঁ‌ত ধৰা সভাখনত বাগিচাখনৰ মুখ্য প্ৰৱন্ধক কাৰ্তিক নাৰায়ন সিঙে প্ৰথমবাৰলৈ অনুষ্ঠিত এনে সজাগতা সভাই শ্ৰমিকৰ লগতে কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক উপকৃত কৰিব বুলি মন্তব্য কৰাৰ লগতে সভাখনৰ বাৰ্তাসমূহ সকলো বাগিচাৰ শ্ৰমিক আৰু কৰ্মচাৰীৰ মাজলৈ লৈ যাবলৈ আহ্বান জনায় । ‘এবিটা’ৰ যোৰহাট মণ্ডলৰ অধ্যক্ষ তথা টাইৰুণ চাহ বাগিচাৰ মুখ্য প্ৰৱন্ধক দেৱেন্দ্ৰ সিং চৌহান, ‘এবিটা’ৰ যোৰহাট মণ্ডলৰ সম্পাদক ড° পাৰ্থপ্ৰতীম শৰ্মা, ‘নেটা’ৰ সম্পাদক মনিষা শৰ্মা, যোৰহাটৰ সহকাৰী ভৱিষ্যনিধি আয়ুক্ত ধৰিত্ৰী বশিষ্ঠ, ভাৰতীয় ষ্টেট বেংকৰ এ টি এম এফ আইৰ সহকাৰী মহাপ্ৰৱন্ধক উজ্জ্বল শৰ্মা, অসম চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ উপ-সভাপতি মহেশ্বৰ গোৱালা, যুৱ সমাজকৰ্মী অঞ্জন কুৰ্মী, শিলিখা চাহ বাগিচাৰ জ্যেষ্ঠ সহকাৰী পৰিচালক বিজয় কুমাৰ সিং আদিয়ে অংশগ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সজাগতা সভাখনত মৰিয়নি অঞ্চলৰ মুঠ ১৫খন চাহ বাগিচাৰ ভৱিষ্যনিধি সভ্য, ভৱিষ্যনিধি বিষয়া, চাহ মজদুৰ সংঘ, চাহ কৰ্মচাৰী সংঘ আদিৰ তিনি শতাধিক বিষয়ববীয়াও উপস্থিত থাকে । গুৱাহাটীৰ উপ- ভৱিষ্যনিধি আয়ুক্ত সোমেশ্বৰ বাঢ়ৈয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাখনৰ আৰম্ভণিতে অতিথিসকলক আদৰণি জনোৱা হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like