নিয়মীয়া বাৰ্তা, ২২ মে : আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শাৰীৰিক অসুস্থতাকো নেওচি কমলপুৰ সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী পাইয়নীয়াৰ একাডেমীৰ ছাত্ৰী বিপাঞ্চী ডেকাই দশম স্থানেৰে জিলিকি উঠাত সমগ্ৰ অঞ্চলটোত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। কমলপুৰৰ হাবেৰীকুৰা গাৱৰ বিপাঞ্চী ডেকাই ৯৭ শতাংশ নম্বৰেৰে দশম স্থান অধিকাৰ কৰে। উল্লেখ্য যে শাৰীৰিক অসুস্থতাৰ বাবে দশম শ্ৰেণীত দুমাহ ধৰি বিদ্যালয়লৈ যাব পৰা নাছিল মেধাবী ছাত্ৰীগৰাকী । কিন্ত দুৰন্ত আত্মবিশ্বাসেৰে তগবগাই থকা বিপাঞ্চীয়ে পেইন কিলাৰ লৈ পৰীক্ষাত বহি ইৰ্ষনীয় সফলতা লাভ কৰিবলৈ সক্ষম হয়। হাবেৰীকুৰাৰ শিক্ষক প্ৰদীপ ডেকা আৰু অলকা ডেকাৰ কন্যা বিপাঞ্চীৰ ভবিষ্যতে চিকিৎসক হোৱাৰ সপোন থকা বুলি জানিব দিয়ে । অবসৰৰ সময়খিনি টেলিভিচনৰ সমুখত কটোৱা কৃতিমান গৰাকীয়ে অসমীয়া বিষয়ত ৯৫, ইংৰাজী বিষয়ত ৯৬, সাধাৰণ বিজ্ঞান বিষয়ত ১০০, সমাজ বিজ্ঞান বিষয়ত ৯৮, সাধাৰণ গণিত বিষয়ত ৯৮ আৰু ঐচ্ছিক গণিতত ৯৮ লাভ কৰিবলৈ সক্ষম হয়। আত্মবিশ্বাসেৰে সদৰ্থক পথেৰে আগবাঢ়িলে সফলতা নিশ্চিত বুলিও অনুজ সকলক অনুপ্ৰেৰণা যোগাই মেধাবী ছাত্ৰী গৰাকীয়ে। ছাত্ৰী গৰাকীৰ সফলতাৰ খবৰ লাভ কৰাৰ পাছতে পাইয়নীয়াৰ একাডেমীৰ প্ৰধান শিক্ষক তিলক ডেকা, পৰিচালনা সমিতিৰ সম্পাদক পীতাম্বৰ কলিতাকে প্ৰমুখ্য কৰি অজস্ৰজনে ছাত্ৰী সম্বৰ্ধনা জ্ঞাপন কৰে। অন্যহাতে কামৰূপৰ বোৰ্কাস্থিত শংকৰদেব শিশু নিকেতনৰ ছাত্ৰী ছন্দিতা দাসে ষষ্ঠ স্থান দখল কৰি বৃহত্তৰ অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনে। কমলপুৰ সমষ্টিৰ বৰগাও নিবাসী উমেশ দাস আৰু দিপালতা দাসৰ কন্যা ছন্দিতাই ষষ্ঠ স্থান লাভ কৰাত সমগ্ৰ অঞ্চলটোত আনন্দৰ জোঁৱাৰ উঠিছে। ভবিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰখা মেধাবী ছাত্ৰী ছন্দিতা দৈনিক বাৰঘণ্টাকৈ অধ্যয়ন কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। অবসৰৰ সময়কন কিতাপ পঢ়ি পাৰ কৰা ছন্দিতাই অসমীয়া বিষয়ত ৯৮ ,
ইংৰাজী বিষয়ত ৯৮, সাধাৰণ বিজ্ঞান বিষয়ত ৯৬, সমাজ বিজ্ঞান বিষয়ত ৯৭, সাধাৰণ গণিত বিষয়ত ১০০ আৰু ঐচ্ছিক গণিতত ১০০ লাভ কৰিবলৈ সক্ষম হয় । কৃতিমান ছাত্ৰীগৰাকীক অজস্ৰজনে শুভাশিষ প্ৰদান কৰে।
প্ৰেৰক দীপক দাস