নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠটা স্থান দখলেৰে শিক্ষাৰ নৱদ্বীপ নলবাৰীত ৰেকৰ্ড

বিশেষ বাৰ্তা, ২২ মেঃ মুঠ আঠটা স্থানেৰে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজ্বলিল  শিক্ষাৰ নৱদ্বীপৰূপে খ্যাত নলবাৰী। ইয়াৰ লগে লগে  আজিৰ ফলাফল জিলাখনৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত জয়জয়কাৰ হৈ পৰে। চৰকাৰী শিক্ষানুষ্ঠানতকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ফলাফল যে উন্নত জিলাখনত আজিৰ ফলাফলে তাকেই পুনৰবাৰ প্ৰতীয়ানমান কৰিছে। জিলাখনৰ নলবাৰী চহৰৰ আনন্দ বিদ্যা নিকেতনৰ দুই কৃতীমান শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰতেই মুঠ দহটাৰ ভিতৰত  দ্বিতীয় স্থান, লিটিল ফ্লাৱাৰ স্কুলৰ এগৰাকীয়ে ষষ্ঠ স্থান আৰু এগৰাকীয়ে নৱম স্থান, সন্ধাৰ মানৱ শক্তি জাতীয় বিদ্যালয়ৰ  এগৰাকী ছাত্ৰই অষ্টম স্থান লাভ কৰাৰ লগতে বাহাৰঘাটৰ শংকৰদেৱ একাডেমীৰ এগৰাকীয়ে তৃতীয় স্থান, চহৰৰে অসম একাডেমীৰ আন এগৰাকী শিক্ষাৰ্থীয়ে নৱম স্থান, টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ এগৰাকীয়ে দশম স্থান লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনি পূৰ্বৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিগত প্ৰায় প্ৰতিটো শৈক্ষিক ফলাফলত নলবাৰী জিলাই গৌৰৱ ধ্বজা উৰুৱাই আহিছে।এইবাৰো পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি জিলাখনে উন্নতমানৰ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱাত জিলাখনৰ বিদ্ব্যত মহলে আনন্দ প্ৰকাশ কৰাৰ লগতে বিভিন্ন দল-সংগঠনে শুভেচ্ছা প্ৰদান কৰিছে। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰীৰ আনন্দ বিদ্যা নিকেতনৰ দুগৰাকীকৈ ছাত্ৰীয়ে  দ্বিতীয় স্থান লাভ কৰি জিলাখনলৈ সুনাম  কঢ়িয়াই আনিছে৷ নলবাৰীৰ খাৰজাৰা (সেউজী  নগৰ) নিৱাসী ব্যৱসায়ী গৌৰমণি দেবনাথ আৰু মুগকুছি এম ই স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী হিৰণ চৌধুৰীৰ কনিষ্ঠ কন্যা লাকী দেৱী চৌধুৰীয়ে ৯৮.৩৩ শতাংশ নম্বৰেৰে সৰ্ব্বমুঠ ৫৯৩ নম্বৰ লাভ কৰে৷ লাকীয়ে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন পুহি ৰখা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ পঢ়াৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়সূচী নাছিল যদিও প্ৰতিদিনে নিয়মীয়াকৈ অধ্যয়ন কৰা বুলি কৃতী ছাত্ৰী গৰাকীয়ে জানিবলৈ দিছে। দ্বিতীয় স্থান লাভ কৰিব বুলি নিশ্চিত নাছিল যদিও প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰিব বুলি ভিতৰি ভিতৰি আশা কৰিছিল মেধাবী ছাত্ৰী গৰাকীয়ে। অসমীয়া আৰু সমাজ বিজ্ঞান বিষয়ৰ বাহিৰে বাকী আটাইকেইটা বিষয়তে তেওঁ ঘৰুৱা শিক্ষকৰ সহায় লৈছিল। মেধাবী ছাত্ৰী গৰাকীয়ে তেওঁৰ এনে কৃতিত্বৰ বাবে পিতৃ-মাতৃৰ লগতে বিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ অৱদান থকাৰ কথা প্ৰকাশ কৰে৷ তেওঁৰ এনে ফলাফলক লৈ বহুত ভাল লাগিছে বুলি উল্লেখ কৰি তেওঁ কয় যে নিয়মীয়াকৈ মনোযোগ সহকাৰে অধ্যয়ন কৰিলে ফলাফল ভাল হ’বই। কৃৃতী ছাত্ৰী গৰাকীয়ে  আজৰি সময়ত খেলা-ধূলা আৰু ছৱি আঁকি ভাল পায়। ৰাজ্য চৰকাৰে শেহতীয়াভাৱে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যম হিচাপে প্ৰৱৰ্তন কৰা পদক্ষেপক ইতিবাচক বুলি মন্তব্য কৰে। তেওঁ অসমীয়াত ৯৭, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৭ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে৷  আনন্দ বিদ্যা নিকেতন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ আন এগৰাকী কৃতী ছাত্ৰী মনমিতা শৰ্মায়ো সৰ্বমুঠ ৫৯৩ নম্বৰ কৰি ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কৃতী শিক্ষাৰ্থী গৰাকীয়ে অসমীয়াত ৯৭, ইংৰাজী বিষয়ত ১০০, সাধাৰণ বিজ্ঞানত ১০০,সাধাৰণ গনিতত ১০০, সমাজ বিজ্ঞানত ৯৮ আৰু ঐচ্ছিক গনিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া আৰু সমাজ বিজ্ঞান বিষয়ৰ বাহিৰে বাকী বিষয় সমূহত ঘৰুৱা শিক্ষকৰ সহায় লোৱা মনমিতাই আজৰি সময়ত কবিতা লিখি আৰু উপন্যাস পঢ়ি ভাল পায়। কৃতী ছাত্ৰী গৰাকীয়ে তেওঁৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰীৰ অৰিহনা থকা বুলি দোহাৰে। সম্প্ৰতি নলবাৰীতে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব বুলি জানিবলৈ দি মনমিতাই ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা মনত পুৰি ৰাখিছে বুলিও উল্লেখ কৰে। নলবাৰী জিলাৰ হাৰিভাঙা নিৱাসী প্ৰয়াত অমৰ জ্যোতি চৌধুৰী আৰু লিপিকা দেৱীৰ একমাত্ৰ কন্যা মনমিতাই সপ্তম শ্ৰেণীত অধ্যয়ন কৰি থকা সময়ৰ পৰাই নলবাৰী চহৰৰ চ’ক বজাৰৰ মোমায়েকহতঁৰ ঘৰত থাকিয়েই পঢ়া শুনা কৰিছিল। কৃতী ছাত্ৰী গৰাকীয়েও স্থান লাভ কৰিব বুলি নিশ্চিত নাছিল যদিও ভাল নম্বৰ লাভ কৰিব বুলি আশা কৰিছিল।উল্লেখ্য যে, আনন্দ বিদ্যা নিকেতনৰ পৰা এইবেলি দুগৰাকীকৈ মেধাৱী শিক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখলৰ খবৰে শিক্ষানুষ্ঠানখনত স্বাভাৱিকতে উচাহৰ ঢৌ বলে।ফলাফলৰ পিছৰে পৰা বিদ্যালয়খনত অসংখ্য গুনমুগ্ধৰে ভৰি পৰে।
নলবাৰী চহৰৰ লিটিল ফ্লাৱাৰ স্কুলৰ কৃতীমান ছাত্ৰী ৰিচমিতা মহন্তই ৰাজ্যৰ ভিতৰতেই ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হয়।চহৰৰ গোপাল বজাৰৰ প্ৰনৱ কুমাৰ  মহন্ত আৰু কল্পনা মহন্তৰ সুযোগ্যা কন্যা  ৰিচমিতাই আটাইকেইটা বিষয়তেই লেটাৰ নম্বৰসহ  মুঠ ৫৮৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ৰিচমিতাই অসমীয়াত ৯৬, ইংৰাজীত ৯৮,সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত  ৯৮,সমাজ বিজ্ঞানত ৯৭ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আজি কন্যাৰ ফলাফলৰ সময়তো কৰ্মৰত অৱস্থাত আছিল কাৰ্বি আংলঙৰ  লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা পিতৃ প্ৰনৱ কুমাৰ মহন্ত।ইপিনে, কন্যাও আজিৰ ফলাফলৰ সময়ত অন্য এখন শিক্ষানুষ্ঠানত অধ্যয়নৰত অৱস্থাত আছিল।সেয়ে ছাত্ৰী গৰাকীৰ স’তে পোনপোটীয়াভাৱে যোগাযোগ কৰিৱ নোৱাৰাত ছাত্ৰীগৰাকীৰ হৈ তেওঁৰ পিতৃ মহন্তই ম’বাইলতেই কন্যাৰ ফলাফল সন্দৰ্ভত অনুভৱ প্ৰকাশ কৰি কয়– প্ৰথম দহটাৰ ভিতৰত ফলাফল হৱ বুলি আমি আশা কৰিছিলোঁ।দৈনিক ৮-৯ ঘন্টা ধৰি অধ্যয়ন কৰা ৰিচমিতাই বিজ্ঞান আৰু উচ্চ গণিতত ঘৰুৱা টিউচনৰ সহায় লৈছিল।ভাতখাণ্ডেৰ অধীনত গাণত  বিশাৰদ ডিগ্ৰী আৰু ফাইন আৰ্ট বিষয়ত ডিপ্ৰ’মা ডিগ্ৰী লাভ কৰা ৰিচমিতাই ভৱিষতে চিকিৎসা বিজ্ঞান পঢ়াৰ মন লোৱা বুলি পিতৃয়ে ‘নিয়মীয়া বাৰ্তা’ ক জানিবলৈ দিয়ে।
আৰ্থিক দুৰৱস্থাক নেওচি অষ্টম  স্থান লাভ কৰি নলবাৰীৰ ৰাজদীপ কলিতাই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পৰিয়ালৰ একমাত্ৰ উপার্জনক্ষম পিতৃৰ মৃত্যুৰ পিছত আৰ্থিক দুৰৱস্থাই হেঁচি ধৰিলেও ইয়াক নেওচি আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম  স্থান লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে ৰাজদীপ কলিতাই। এওঁ সন্ধাৰ প্ৰয়াত পংকজ কলিতা আৰু গীতিকা কলিতা ৰ একমাত্ৰ সন্তান। কৃতি ছাত্ৰজনে সন্ধাৰ মানৱ শক্তি জাতীয় বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ অসমীয়াত ৯৬, ইংৰাজীত ৯৭, সাধাৰণ গণিতত  ৯৮, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৮ আৰু উচ্চ গণিতত ১০০  লেটাৰ নম্বৰসহ মুঠ ৫৮৭ নম্বৰ প্ৰাপ্তিৰে অষ্টম স্থান লাভ কৰে। অৱশ্যে তিনিমাহ পূৰ্বে স্কুলখনৰ নাম সলনি কৰি জ্ঞানজ্যোতি একাডেমী কৰা হৈছে। তেওঁ বাইহাটাৰ ৰামানুজন একাডেমীত উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰাৰ লগতে ভৱিষ্যতে এজন আই আই টিয়ান হিচাপে আত্মপ্ৰতিষ্ঠাৰ লক্ষ প্ৰকাশ কৰিছে। ছাত্ৰ জনে সংবাদ মাধ্যমক কয় – মই দৈনিক ৮-৯ ঘণ্টা অধ্যয়ন কৰিছিলোঁ। তিনিবছৰ পূৰ্বে দেউতাৰ মৃত্যু হোৱাত আৰ্থিকভাৱে আমি বহুখিনি কষ্টৰ সম্মুখীন হব লগা হৈছে। কেৱল মাত্ৰ আইতাৰ পেঞ্চনৰ সামান্য টকাখিনিৰে আইতাকে ধৰি আমাৰ তিনিজনীয়া পৰিয়ালটো চলি থকাৰ লগতে মোৰ পঢ়া- শুনাখিনি চলাব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে। অৱশ্যে স্কুলৰ ফালৰ পৰা মোক বিনামূলীয়াকৈ পঢ়াৰ সুযোগ দিছে। মই প্ৰধান শিক্ষককে ধৰি ছাত্ৰ- বাইদেউ সকলৰ ওচৰত কৃতজ্ঞ হৈ ৰম। তদুপৰি মোক বিভিন্ন ক্ষেত্ৰত অভিভাৱকৰ চকুৰে চাই আহিছে মোৰ বৰদেউতাৰ পৰিয়ালে। তেখেত সকলৰ ওচৰতো কৃতজ্ঞ হৈ ৰ’ম।
নলবাৰী চহৰৰ বিদ্যাপুৰ নিবাসী তথা জিলাখনৰ ঘগ্ৰাপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক জ্যোতিষ কলিতা আৰু প্ৰতিভা কলিতাৰ সুযোগ্য পুত্ৰ হৃষীকেশ কলিতাই আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। প্ৰথম দহটা স্থানত থাকিৱ বুলি আশা পুহি ৰখা হৃষীকেশে  অসমীয়াত ৯১, ইংৰাজীত ১০০,সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত  ৯৮, সমাজ বিজ্ঞানত ৯৮ আৰু উচ্চ গণিতত ১০০ নম্বৰৰে মুঠ ৫৮৬ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।ইংৰাজী বিষয়ত বাহিৰা শিক্ষকৰ সহায় লোৱা বুলি সাংবাদিকক সদৰি কৰা হৃষীকেশে দৈনিক ৩-৪ ঘন্টাকৈ অধ্যয়ন কৰাৰ লগতে বাহিৰা গ্ৰন্থ পঢ়ি আৰু ছবি আকি ভাল পোৱা বুলি প্ৰকাশ কৰে।সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত অধ্যয়নৰ পৰিবেশ থকাৰ বাবেই ফলাফল উন্নত হয় বুলি উল্লেখ কৰে।প্ৰথমাৱস্থাত ম’বাইলৰ প্ৰতি যথেষ্ট আকৰ্ষিত আছিলো যদিও পৰীক্ষাৰ এমাহ পূৰ্বৰে পৰা তেনে আকৰ্ষন কমাই দিছিলো বুলি দোহাৰি ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ ইচ্ছা প্ৰকাশ কৰে মেধাৱী ছাত্ৰ জনে।উল্লেখ্য যে, নলবাৰী চহৰৰ আগশাৰীৰ ব্যক্তিগত এই শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখিয়েই এইবাৰৰ ফলাফল দিৱলৈ সক্ষম হোৱাত শিক্ষানুৰাগী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।আজিৰ এনে ফলাফলৰ পিছতেই মেধাৱী শিক্ষাৰ্থীকলৈ শিক্ষক-শিক্ষয়ত্ৰী,ছাত্ৰী সকলে চহৰত এক শোভাযাত্ৰা উলিয়ায়।
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি নলবাৰীৰ আগশাৰীৰ আন এখন ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিস্থান অসম একাডেমী, নলবাৰীৰ মেধাৱী ছাত্ৰী বিপাশা শৰ্মাই অসমৰ ভিতৰতে নৱম স্হান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। নলবাৰী জিলাৰ বৰকুলহাটী কহাৰঝাৰ নিবাসী বৰ্তমান নলবাৰী বিদ্যাপুৰৰ ভাড়াতীয়া হিচাপে থকা হিৰণ্য শৰ্মা আৰু আৰতী দেবীৰ একমাত্ৰ কণ্যা বিপাশাৰ ফলাফলত আজি বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। ফলাফল ঘোষনাৰ পিছত কৃতী ছাত্ৰীজনক বিদ্যালয়ৰ পৰা শোভাযাত্ৰা কৰি চহৰখন পৰিভ্ৰমন কৰে। ৯৭ শতাংশ(মুঠ নম্বৰ ৫৮৬) নম্বৰেৰে  নবম স্হান লাভ কৰা বিপাশাই অসমীয়াত ৯০, ইংৰাজীত১০০,সাধাৰণ গনিতত, ১০০সাধাৰণ বিজ্ঞানত, ৯৮,সমাজ বিজ্ঞানত,৯৮,আৰু উচ্চ গনিতত১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। বৰ্তমান নলবাৰীৰ নিউক্লিয়াচ একাডেমীৰ কলা শাখাত  নামভৰ্তি কৰিবলৈ বিচৰা বিপাশাৰ  ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন। আজৰি সময়ত কিতাপ পঢ়ি ভালপোৱা বিপাশাই ভালদৰে অধ্যয়ন কৰি গ’লে জীৱনত সফলতা লাভ কৰিব পাৰে বুলি উল্লেখ কৰা বিপাশাই তেওঁৰ সফলতাৰ আঁৰত মা-দেউতা আৰু বিদ্যালয়ৰ শিক্ষাগুৰুৰ  প্ৰসংগ উল্লেখ কৰে। উল্লেখ্য যে, অসম একাডেমী, নলবাৰীৰ পৰা এইবেলি ৪৯ গৰাকী পৰীক্ষাৰ্থীৰ এগৰাকী স্হান প্ৰাপ্ত, ১৪গৰাকীয়ে ডিচিংচন, ১০ গৰাকীয়ে ষ্টাৰ , ৪২গৰাকীয়ে প্ৰথম বিভাগ আৰু ৬গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰি  উৰ্তীৰ্ণৰ হাৰ এশ শতাংশ হয়। ।।  
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like