নিয়মীয়া বাৰ্তা, ২২ মে : আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি পুনৰ জিলিকি উঠিল গুণগত শিক্ষাৰে চৰ্চিত হোৱা শিক্ষানুষ্ঠান সৰ্থেবাৰীৰ বঞ্চিত চৌধুৰী শঙ্কৰদেব শিশু নিকেতন। শীৰ্ষ দহৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি সৰ্থেবাৰীলৈ সুনাম কঢ়িয়াই আনিলে বঞ্চিত চৌধুৰী শঙ্কৰদেব শিশু নিকেতনৰ ছাত্ৰ ৰিতুপন দাসে। সৰ্থেবাৰী বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ মেধা তথা সকলোৰে প্ৰিয় ছাত্ৰ ৰিতুপনে মুঠ ৫৯১ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। সাধাৰণ বিজ্ঞানত ১০০,সমাজ বিজ্ঞানত ১০০,ঐচ্ছিক গণিতত ১০০,অসমীয়াত ৯৮,সাধাৰণ গণিতত ৯৮ আৰু ইংৰাজী বিভাগত ৯৫ নম্বৰ লাভ কৰা ৰিতুপনে ইংৰাজীত কিছু দুৰ্বল হোৱা হেতুকে ঘৰুৱা শিক্ষকৰ সহায় লব লগীয়া হৈছিল। নবজোতি হাইস্কুলৰ শিক্ষক কৰ্ণধৰ দাস আৰু মিনতি দাসৰ পুত্ৰ ৰিতুপনৰ এনে সাফল্যত সমগ্ৰ সৰ্থেবাৰীতে আজি আনন্দৰ বন্যা বিয়পি পৰে। ৰিতুপনৰ সাফল্যত নিকেতনখনত উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈ পৰে আৰু শিক্ষক তথা ছাত্ৰ ছাত্ৰীয়ে নাচি বাগি, ফটকা ফুটাই উল্লাস প্ৰকাশ কৰে।বঞ্চিত চৌধুৰী শঙ্কৰদেব শিশু নিকেতনৰ প্ৰধান আচাৰ্য মধুসুধন ডেকাই গামোচাৰে ৰিতুপনক মৰম যচাৰ লগতে ৰিতুপনক লৈ আচাৰ্য্য আচাৰ্য্যা, ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকে এক আনন্দৰ সমদল উলিয়াই সৰ্থেবাৰী চহৰ পৰিভ্ৰমণ কৰে।নিজক ভালকৈ বুজিবলৈ প্ৰয়াস কৰা ৰিতুপনৰ এনে সফলতাত শিক্ষক পিতৃ আৰু মাতৃয়ে সন্তোষ প্ৰকাশ কৰে।অতি ভদ্ৰ আৰু সু শৃংখলিত ভাবে জীৱন যাপন কৰা কৰ্ণধৰ দাসে ৰিতুপনৰ এনে সফলতাৰ বাবে আচাৰ্য্য-আচাৰ্য্যাসকলক কৃতিত্ব প্ৰদান কৰে আৰু ৰিতুপন দাসেও শিক্ষাগুৰুৰ শলাগ লয়। ভবিষ্যতে কি হব সেয়া উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ পাছতহে স্থিৰ কৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ৰিতুপন দাসে।ক্ৰিকেট খেলি ভালপোৱা ৰিতুপন দাসে পিছৰ প্ৰজন্মক নিয়মিতভাবে অধ্যয়ন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে পৰীক্ষা বুলি কোনো চাপ ল’ব নালাগে বুলিও মন্তব্য প্ৰকাশ কৰে। উল্লেখ্য যে বঞ্চিত চৌধুৰী শঙ্কৰদেব শিশু নিকেতনৰ পৰা ৪৫ গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আৰু ইয়াৰ ভিতৰত ৭ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংচন, ১২ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে আৰু মুঠ লেটাৰ মাৰ্ক পাইছে ৯৭ টা বিষয়ত। ইপিনে কৃষ্ণ গুৰু বিদ্যাজোতিৰ ইংৰাজী মাধ্যমৰ পৰা ৩৪ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত ১৬ গৰাকীয়ে ডিষ্টিংচন আৰু ৮ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে আৰু অসমীয়া বিভাগৰ পৰা ১৭ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈ দুগৰাকীয়ে ডিষ্টিংচন আৰু ৭ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। সৰুক্ষেত্ৰী জাতীয় বিদ্যালয়ৰ পৰা ১৯ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত এগৰাকী ডিষ্টিংচন আৰু ৮ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে। ইপিনে ঐতিহাসিক সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মাত্ৰ চাৰি গৰাকী ছাত্ৰ ছাত্ৰীয়েহে ষ্টাৰ নম্বৰ লাভ কৰিছে।
প্ৰেৰক নকুল তালুকদাৰ