বিশেষ বাৰ্তা, ২২ মেঃ চিৰকাললৈ বিলুপ্ত হল ডিব্ৰুগড়ৰ ঐতিহাসিক ৰেলৱে অভাৰব্ৰিজ।ডিব্ৰুগড় চহৰৰ গৰিমা তথা সৌন্দৰ্য ধৰি ৰখা, বহু সেউজীয়া স্মৃতি বিজড়িত তথা ৫৮ বছৰীয়া চহৰখনৰ একমাত্ৰ অভাৰব্ৰিজখনৰ ভাঙি পেলোৱাৰ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে।১৯৬৫ চনতে নিৰ্মাণ কৰা এই ঐতিহাসিক ৰেলৱে অভাৰব্ৰিজ খন চহৰখনৰ জনপ্ৰিয় ল্যাণ্ডমাৰ্ক হিচাপে বিবেচিত হৈ আহিছিল।চহৰৰ মানকটা পথৰ থানা চাৰিআলিৰ সমীপত, চহৰৰ মাজমজিয়াত অৱস্থিত এই অভাৰব্ৰিজখনক চহৰখনৰ এক আয়ুস ৰেখা হিচাপেও গণ্য কৰা হয়। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি এই অভাৰব্ৰিজখন ভাঙি পেলোৱাৰ কাম পৰিদৰ্শন কৰাৰ সময়ত কয় যে পুৰণি অভাৰব্ৰিজখন সম্পূৰ্ণৰূপে ভাঙি অধিক উচ্চতাৰে পুনৰ নিৰ্মাণ কৰা হ’ব যাতে অভাৰব্ৰিজৰ তলৰে যোৱা ৰে’লপথটোৰ বিদ্যুৎ সংযোগ কৰিব পৰা যায়। দলংখন পুনৰ নিৰ্মাণ কৰিবলৈ কমেও দুবছৰ সময় লাগিব বুলিও তেওঁ কয়।ইফালে অভাৰব্ৰিজৰ দুয়োকাষে দুটা চাৰ্ভিচ ৰোড নিৰ্মাণ কৰা হৈছে। যাতে নিৰ্মাণ প্ৰক্ৰিয়া চলি থকাৰ সময়ত সাধাৰণ মানুহৰ লগতে লঘূ যান-বাহন সেই পথৰে অহা-যোৱা কৰিব পাৰে।আজি পুৱাৰে পৰা নতুন পথ দুটালৈ সকলো যান-বাহনৰ চলাচল ডাইভাৰ্ট কৰা হয়।উল্লেখ্য যে নিৰ্মান শেষ নোহোৱা পৰ্যন্ত উক্ত পথৰে সকলো গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ‘১৯৬৫ চনত নিৰ্মিত ডিব্ৰুগড় টাউন অভাৰব্ৰিজখনে ৰাইজৰ হৃদয়ত এক বিশেষ স্থান লাভ কৰিছে। দলংখন ভাঙি যোৱাৰ লগে লগে মই অলপ নষ্টালজিক আৰু দুখ অনুভৱ কৰিছো। কিন্তু নতুন কিবা এটা পাবলৈ হ’লে পুৰণিটোৱে বাট মেলিবই লাগিব।পুৰণি দলংখন ৰামধৰি শৰ্মা নামৰ ঠিকাদাৰে নিৰ্মাণ কৰিছিল।সেই সময়ত ইটাৰ টুকুৰা এটাৰ দাম আছিল মাত্ৰ ১৫ পইচা।সেতুখনৰ আন এক চহকী ইতিহাস আছে। ১৯৭৪ চনত প্ৰয়াত দেউতি বৰুৱাৰ দক্ষ পৰিচালনাত নিৰ্মিত “বৃষ্টি” চিনেমাৰ জয়ন্ত হাজৰিকাৰ বিখ্যাত কালজয়ী গীত সুৰাত ম’গন ভয়াল ৰাতি, মৌন কোলাহল……গীতৰ দৃশ্যাৱলীৰ শ্বুটিং এই অভাৰব্ৰিজৰ ওপৰতে কৰা হৈছিল’।– এই মন্তব্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ।নতুন দলংখন নতুন ডিজাইনৰ সৈতে কিছু আধুনিক ৰূপত নিৰ্মান হ’ব।নতুন দলংখনৰ উচ্চতাও বৰ্তমানৰ ৫.২ মিটাৰৰ পৰা ৬.৫ মিটাৰলৈ বৃদ্ধি কৰা হ’ব।নতুন দলং নিৰ্মাণৰ সময়ত অহা-যোৱাত মানুহে কিছু কষ্ট অনুভৱ কৰিব পাৰে। সেয়েহে,ডিব্ৰুগড়ৰ নাগৰিকসকলক ধৈৰ্য্য ধৰি সহযোগিতা বঢ়াবলৈ আহ্বান জনাই বিধায়ক ফুকনে।স্বাভাৱিকতেই ৰাইজৰ কিছু কষ্ট হলেও নৱনিৰ্মিত ৰেলৱে অভাৰব্ৰীজখন ডিব্ৰুগড় চহৰৰ বাবে এক মাইলৰ খুটা হৈ ৰব।
প্ৰেৰক বিভাস দুৱৰা