বিশেষ বাৰ্তা, ২৩ মেঃ শিক্ষাৰ নৱদ্বীপ নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত ২৫ মেত দিনজোৰা কাৰ্যসূচীৰে দ্বাদশসংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে ৷ অনুষ্ঠানত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু মুখ্য অতিথি ৰূপে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্ত উপস্থিত থাকিব ৷ ইয়াৰ উপৰি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব ভট্টদেৱ বিশ্ববিদ্য়ালয়ৰ উপাচাৰ্য ড° বিৰিঞ্চি কুমাৰ দাস, বিশিষ্ট সমাজসেৱক বশিষ্ঠ বুজৰবৰুৱা, ডাঃ উমেশ চক্ৰবৰ্ত্তী আৰু ডাঃ ভূপেশ শৰ্মা। উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সংস্কৃত ভাষা-সাহিত্যৰ চৰ্চাত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱা ১১জন ব্যক্তিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব ৷ উক্ত অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।