নিয়মীয়া বাৰ্তা, ২৩ মে : আজি ঘোষিত অসামৰিক লোকসেৱা আয়োগ (সংযুক্ত)ৰ পৰীক্ষাত জোনাইৰ এগৰাকী মেধাৱী পৰীক্ষাৰ্থীৰ সফলতাই গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ। অসামৰিক লোকসেৱা আয়োগৰ পৰীক্ষাত (সংযুক্ত) পৰীক্ষাত উত্তীৰ্ণ হোৱা যুৱকজনৰ নাম ভিনচেন্ট চলেমটাঙ ভাইপে৷ আজি ঘোষণা কৰা ফলাফল অনুসৰি যুৱক জনৰ এই আই আৰ হ’ল ৬১৯। কষ্ট আৰু সাধনা থাকিলে অসাধ্য একো নাই তাকে প্ৰমাণ কৰিলে জোনাইৰ এটা সাধাৰণ পৰিয়ালৰ যুৱক ভিনচেন্টে৷ মাথো স্নাতক ডিগ্ৰীৰে উজলি উঠিল সৰ্বভাৰতীয় পৰীক্ষাৰ অসামৰিক লোকসেৱা আয়োগৰ (সংযুক্ত) পৰীক্ষাত। ভিনচেন্টৰ দেউতাক এখন প্ৰাইভেট স্কুলৰ পৰা শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে৷ আনহতে মাতৃয়ে কাপোৰ বিক্ৰী কৰে৷ মাতৃয়ে কাপোৰ বিক্ৰী কৰি পোৱা টকাৰে ঘৰৰ কনিষ্ঠ সন্তান ভিনচেন্টক পঢ়াইছিল৷ সৰু এটা ভাড়াঘৰত ডাঙৰ দীঘল হ’লেও ভিনচেন্টৰ সপোন আছিল বহু ডাঙৰ৷ কষ্টৰে নিজৰ পঢ়া শুনা অব্যাহত ৰখা ভিনচেন্টে অৱশেষত আজি সফল হ’ল সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত৷ জোনাইৰ যুৱলী মডেল স্কুলৰ পৰা ২০১৪ চনত প্ৰথম বিভাগত মেট্ৰিকৰ পৰীক্ষাত উৰ্ত্তীণ হৈ জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ পৰা ২০১৬ চনত প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈছিল। তাৰ পিছত ২০১৯ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা জীৱবিজ্ঞান বিষয়ত মেজৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ স্নাতক ডিগ্ৰী লাভ কৰিয়ে যুৱকজনে অৱতীৰ্ণ হৈছিল ইউপিএছচি পৰীক্ষাত৷ দুবাৰ লিখিত পৰীক্ষাত সফল হৈছিল যদিও মৌখিক পৰীক্ষাত বিফল হোৱা জোনাইৰ মেধাৱী ছাত্ৰ ভিনচেন্টে এইবাৰ সফলতা লাভ কৰে৷ পুত্ৰৰ সফলতাত সুখী মাক-দেউতাক৷ পঢ়া শুনাৰ বিষয়ে বিশেষ জ্ঞান নথকা অতি কষ্টৰে পুত্ৰক শিক্ষাৰ বাট দেখুওৱা মাক- দেউতাকৰ মুখত আজি বিৰিঙিছে হাঁহি৷
প্ৰেৰক কৰবী দলে