নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিএছচিত সফলতাৰে বজালীৰ বৰভালুকীৰ নাম উজলালে নিবেদিতাই

নিয়মীয়া বাৰ্তা, ২৩ মেঃ আজি ঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত ৮৪৮ নং স্থান লাভ কৰি বজালীৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বজালীৰ ভালুকীৰ কন্যা নিবেদিতা দাসে৷ উল্লেখ্য যে সম্প্ৰতি গুৱাহাটীৰ পাঞ্জাবাৰীৰ জুৰিপাৰত বসবাস কৰা বজালী মহকুমাৰ অন্তৰ্গত ভালুকী গাঁৱৰ নিৱাসী তথা উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম পৰিসীমিত চমুকৈ নীপকোৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰিয়ব্ৰত দাস আৰু গৃহিনী নিজৰা দাসৰ কন্যা নিবেদিতা দাসে পিতৃৰ চাকৰি সুত্ৰে শৈশৱ কাল অৰুনাচলত অতিবাহিত কৰি প্ৰাথমিক শিক্ষা লাভ কৰে৷ ইয়াৰ পিছত গুৱাহাটীৰ বৰসজাইস্থিত মহৰ্ষি বিদ্যালয়ত স্কুলীয়া জীৱন সমাপ্ত কৰি শিলচৰৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সম্পুৰ্ণ কৰে৷ তেওঁ চিভিল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম কৰি থকা সময়তে চাকৰিৰ সুযোগ লাভ কৰি National Highways & infrasturcture Development Corporation Ltd.ত অভিযন্তা হিচাপে যোগদান কৰে যদিও প্ৰায় দুবছৰ কাল চাকৰি কৰাৰ পিছত ২০২০ চনৰ ছেপ্তেম্বৰ মাহত চাকৰি এৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে একাণপটীয়াকৈ লাগি পৰে৷ কোনো ধৰণৰ আনুষ্ঠানিক কোচিং নলৈ নিজ গৃহতে সম্পুৰ্ণ নিজাববীয়াকৈ পঢ়াৰ লগতে দুই এটা অনলাইন পাঠ্যক্ৰম গ্ৰহণ কৰা নিবেদিতাই দৈনিক প্ৰায় আঠ ঘণ্টাকৈ পঢ়াশুনা কৰি নিজকে সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে সাজু কৰি তুলিছিল৷ আজিৰ ফলাফলত বাৰুকৈয়ে সুখী নিবেদিতাই সৰ্বভাৰতীয় ৰেংক উন্নীত কৰাৰ হেপাহেৰে আৰু এবাৰ একেটা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আশা ব্যক্ত কৰে৷ নিবেদিতাৰ সফলতাৰ খবৰ লাভ কৰাৰ পিছতে বজালীৰ বিভিন্ন প্ৰান্তৰ লোকে তেওঁক অভিনন্দন জনোৱাৰ লগতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like