নিয়মীয়া বাৰ্তা, ২৩ মে : পুৱা বাহিবন কৰাৰ পৰা, ঘৰৰ গৰুকেইটা এৰাল দিয়া, ছাগলী এৰাল দিয়া, লৰা-ছোৱালী হালক খোৱাই-বোৱাই বিদ্যালয়লৈ পঠোৱাৰ পিছত দিনৰ দিনটো ৰথ কোবাই ঘূৰি ঘৰখনৰ সমস্ত কাম গোটেই দিনটো কৰি নিশা ১০ বজাৰ পিছত অকনমান আজৰি সময় উলিয়াই নিজ কন্যাৰ কিতাপ পঢ়ি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী আদৰ্শ মাতৃৰ পৰিচয় দাঙি ধৰিছে ডেকা শেনচোৱাৰ পৰীস্মিতা দাসে৷ বয়সে পঢ়াৰ ক্ষেত্ৰত যে হেঙাৰ হ’ব নোৱাৰে তাকে প্ৰমাণ কৰি দেখুৱালে মাজুলী ডেকা শেনচোৱা গাৱঁৰ পৰীস্মিতা দাস নামৰ এগৰাকী মাতৃয়ে ৷ কৰ্মসূত্ৰে পৰীস্মিতাৰ স্বামী মাজুলীৰ পৰা বাহিৰত থাকিব লগাৰ বাবে ঘৰখনৰ সমস্ত বোজা মূৰপাতি লৈও পৰীস্মিতাই সৰুৰ পৰা পঢ়াৰ প্ৰতি থকা হাবিয়াস আৰু নিজৰ মনৰ অফুৰন্ত আাশা পূৰণ কৰা বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এইগৰাকী মাতৃৰ বৰ কন্যা শিৱানী দাসেও দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ শিৱানীয়ে আমাক জনাই যে মাতৃ আছিল তাইৰ বাবে শিক্ষাৰ ক্ষেত্ৰত আদৰ্শ ৷ শিৱানীয়ে কয় যে মই যেতিয়া পঢ়ি ৰাতি শুই যাঁও তাৰ পিছত মায়ে মোৰ কিতাপ লৈ পঢ়ে, মা কিন্তু মোতকৈ ইংৰাজীতো চোকা, মই মায় যে পাছ কৰিবই জানিছিলো ৷ দেউতা আৰু মামাককাইহে মা পাঁছ কৰিব বুলি ভবা নাছিল৷ মই প্ৰথম বিভাগত উত্তীৰ্ণ হম বুলি ভাবিছিলো যদিও অলপ কমিল কিন্তু মাৰ ৰিজাল্টক লৈ বহুত সুখি ৷ আনফালে এই প্ৰতিবেদকৰ আগত পৰিস্মিতা দাসে নিজৰ জীৱনৰ আশা-প্ৰত্যাশাসমুহৰ লগতে নিজ দেউতাকৰ সপোনটো পঢ়ি থকা সময়ত পুৰণ কৰিব নোৱাৰিলে যদিও এতিয়া পূৰণ কৰি আনন্দ পাইছোঁ বুলি কৈ আৱেগিক হৈ পৰা পৰিলক্ষিত হয়৷ এগৰাকী আৰ্দশ মাতৃ হিচাপে দায়িত্ব পালন কৰা পৰীস্মিতা দাসৰ এই ফলাফলক লৈ সুখী ডেকাশেনচুৱা গাঁওবাসী তথা ডেকাছেনচোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষ৷ পৰীক্ষাত বহিবলৈ সুবিধা কৰি দিয়া ডেকাশেনচুৱা উচ্চ মাধ্যমিক বিদ্যালয়কো ধন্যবাদ জনালে পৰিস্মিতাই ৷ এক কথাত পৰীস্মিতাই প্ৰমাণ কৰি দেখুৱালে হাজাৰ বাধাবিঘিনি আহিলেও শিক্ষা গ্ৰহণৰ হাবিয়াস থাকিলে কোনো দিশেই কেতিয়াও শিক্ষাৰ বাবে প্ৰাচীৰ হব নোৱাৰে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড