নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত আনন্দ মিশ্ৰ ইম্পেক্ট : সকীয়নিত সন্ত্ৰস্ত লম্বুৰ আত্মসমৰ্পণ

নিয়মীয়া বাৰ্তা, ২৩ মেঃ লখিমপুৰ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জিলাখনত যোগদান কৰিয়েই জিলাখনৰ বিভিন্ন প্ৰান্তত দীৰ্ঘ দিন ধৰি চলাই অহা নকল সোণ, জাল নোট, ঠগ, প্ৰৱঞ্চকৰ ঘাটিত ধাৰাবাহিক ভাবে চলাইছে তীব্ৰ অভিযান৷ বিশেষকৈ নাওবৈচাৰ নকল সোণ, জাল নোটৰ, ঠগ, প্ৰৱঞ্চকৰ সৈতে সততে চৰ্চিত হোৱা  বঙালমৰা অঞ্চলত এই অপৰাধী চক্ৰৰ বিৰোদ্ধে চলিছে ক্ষীপ্ৰতৰ অভিযান৷ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ জিলাখনত উপস্থিতিত হোৱাৰ পিছৰে পৰা এই অপৰাধী চক্ৰৰ মাজত ভুমিকম্পৰ সৃষ্টি হয়৷ ইতিমধ্যে আৰক্ষীয়ে নকল সোণ নকল টকা  ব্যৱসায়ৰ লগত জড়িত বহু জনক গ্ৰেপ্তাৰ কৰিছে৷ জানিব পৰা মতে বঙালমৰা এলেকাটোৰ বহু লোকে ইতিমধ্যে ঘৰ বাৰী এৰি পলায়ন কৰিছে৷ আৰক্ষী অধীক্ষক গৰাকীয়ে নকল সোণ,নকল টকা, ঠগ, প্ৰৱঞ্চকৰ লগত জড়িত অপৰাধী সকলক  অতি শীঘ্ৰে আত্ম সমৰ্পণ কৰিবলৈ হুংকাৰ প্ৰদান কৰিছিল৷ আৰক্ষী অধীক্ষক গৰাকীৰ হুংকাৰৰ পাছতে জিলাখনত নকল সোণ, জাল নোট ব্যৱসায়ৰ সৈতে সততে  চৰ্চিত নাম কুখ্যাত আবু শ্বহীদ ওৰফে লম্বুয়ে আজি সন্ধিয়া বঙালমৰা আৰক্ষী চকীত চি আই ডিৰ সন্মুখত আত্ম সমৰ্পণ কৰে৷ এই গৰাকী নকল সোণ, জাল নোট ব্যৱসায়ীৰ নাম সঘনাই সংবাদ মাধ্যমত চৰ্চিত হৈ আহিছে৷ আবু শ্বহীদৰ আত্ম সমৰ্পনে লখিমপুৰৰ নকল টকা, জাল নোট চক্ৰৰ সন্দৰ্ভত বহু ন ন তথ্য উন্মোচিত কৰিব বুলি ৰাইজে মন্তব্য কৰিছে৷

প্ৰেৰক মৃদুল ফুকন

You might also like