নিয়মীয়া বাৰ্তা, ২৩ মেঃ শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত আমোলাপট্টি অঞ্চলৰ এখন হোটেলত আজি দিনদুপৰতে সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা৷ হোটেলৰ মালিক সহিতে তিনিজন ব্যক্তিয়ে এগৰাকী মহিলা কৰ্মচাৰীক ধৰ্ষণৰ উদেশ্যে নিৰ্য্যাতন চলোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তুমুল চাঞ্চল্যৰ ৷ অৱশ্যে তিনি পাষণ্ডৰ নিৰ্য্যাতনৰ পৰা আহত অৱস্থাতেই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হোৱা মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত তিনিজন ব্যক্তিক শিৱসাগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷ প্ৰাপ্ত বাতৰি মতে চহৰৰ মাজমজিয়াৰ আমোলাপট্টিত থকা বিহাৰৰ বলি যাদৱ নামৰ ব্যক্তিগৰাকীৰ হোটেলৰ কৰ্মচাৰী হিচাবে নিয়োজিত আছিল মহিলা কৰ্মচাৰীগৰাকী৷ আন দিনাৰ দৰে আজিও হোটেলখনৰ ৰান্ধনী গৃহত চবজি কাটি আছিল মহিলা কৰ্মচাৰীগৰাকীয়ে ৷ শিৱসাগৰ সদৰ থানাত দাখিল কৰা এজাহাৰৰ পৰা জানিব পৰা মতে ৰান্ধনি গৃহত পাচলি কাটি থকাৰ সময়তেই হোটেল খনৰ স্বত্বাধিকাৰী আৰু দুজন সহযোগীয়ে মহিলাগৰাকীক পিছ ফালৰ পৰা সাৱটি ধৰি অকথ্য যৌন নিৰ্য্যাতন চলোৱাৰ লগতে অন্তৰ্বাস পৰ্য্যন্ত খোলাৰ চেষ্টা চলাই ৷ আন নালাগে এজন পাষণ্ডই মহিলা গৰাকীৰ গোপন অংশ স্পৰ্শৰ চেষ্টা চলোৱাৰ বাহুত কামুৰি আঘাত প্ৰাপ্ত কৰে৷ তিনি পাষণ্ডৰ চক্ৰবেহুত দীৰ্ঘ সময় নিৰ্য্যাতনৰ বলি হৈ অৱশেষত সুযোগ বুজি আহত অৱস্থাতেই হোটেলৰ পৰা ওলাই পলায়ন কৰে৷ ইয়াৰ পিছতেই নিৰ্য্যাতিত মহিলাগৰাকীৰ লিখিত এজাহাৰৰ ভিত্তিত লগে লগেই ঘটনাস্থলীত উপস্থিত হোৱা সদৰ আৰক্ষীৰ এটা দলে হোটেলখনৰ গৰাকী তথা বিহাৰৰ মধুবনীৰ বলী যাদৱ (৪৮), ৰাজেন্দ্ৰ দাস (৩৫) আৰু নীতিশ কুমাৰ নামৰ এজন যুৱকক আটক কৰে৷ শিৱসাগৰ আৰক্ষীয়ে নিৰ্য্যাতিতা মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত ৰুজু কৰা ৭৮/ ২০২৩ নম্বৰৰ গোচৰৰ বিপৰীতে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/৫১১/৪২৭/৩৪ ধাৰাৰ অধীনত তিনিও অভিযুক্তকে গ্ৰেপ্তাৰ কৰাৰ কথা জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান