নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিলৈ “ডি-লিট” সন্মান

নিয়মীয়া বাৰ্তা, ২৪ মে’: বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিলৈ আগবঢ়োৱা হৈছে সন্মানীয় ডি লিট উপাধি। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এই সন্মানৰে সন্মানিত কৰে সাহিত্যিকগৰাকীক।সাহিত্যিক গৰাকীৰ গুৱাহাটীস্থ বাসগৃহত এই সন্মান প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা আৰু পঞ্জীয়ক ডঃপৰমানন্দ সোনোৱালে । সন্মান গ্ৰহণ কৰি উৎফুল্লিত বিশিষ্ট সাহিত্যিক গৰাকী। জীৱনৰ বিয়লী বেলাত এই সন্মানক শ্ৰেষ্ঠতম স্বীকৃতি আখ‍্যা সাহিত্যিকগৰাকীৰ । বিশ্ববিদ‍্যালয়খনৰ কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তমৰ্মে তেখেতলৈ আগবঢ়োৱা হয় এই সন্মান । ২১ সংখ্যক সমাৱৰ্ত্তন অনুষ্ঠানত বিশিষ্ট সাহিত্যিকগৰাকী উপস্থিত থাকিব নোৱাৰাৰ বাবে তেখেতৰ বাসগৃহত প্ৰদান কৰা হয় সন্মান । সাহিত্যজগতলৈ তেখেতে আগবঢ়োৱা অনবদ‍্য অৱদানৰ বাবেই বিশ্ববিদ্যালয়খনে নিৰুপমা বৰগোহাঞিক প্ৰদান কৰে ডি-লিট সন্মান ।

You might also like