নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ নিকা নিযুক্তিয়ে দৃষ্টিহীন মঞ্জুলাক দিলে পোহৰৰ বাট

নিয়মীয়া বাৰ্তা, ২৪ মে’:  সেউজীয়া পৃথিৱীখন ছোৱাৰ পৰা বঞ্চিত এগৰাকী যুৱতী ৷পিতৃও আছিল শাৰিৰীক ভাৱে সক্ষম ৷ৰং বিৰঙৰ পৃথিৱীখন চোৱাৰ পৰা বঞ্চিত যুৱতী গৰাকীৰ বাবে জন্মান্ধতা আছিল অভিশাপ ৷দৰিদ্ৰ পৰিয়ালটোৰ দুগৰাকী সদস্যই অনূৰূপ ধৰণে শাৰিৰীক সক্ষমতাই আৱৰি ধৰাৰ পিছত স্বাভাৱিকতেই সেই পৰিয়ালটোলৈ নামি অহা দুৰ্দশাৰ কলীয়া ডাৱৰ জাক কোনেও মচিব নোৱাৰে ৷জীয়াই থকাৰ ভিন্ন যুঁজত সাতুৰি নাদুৰি ভাগৰি নপৰা এগৰাকী জন্মগত ভাৱে অন্ধ যুৱতীৰ কৰুণ কাহিনীয়ে অজস্ৰজনৰ হৃদয় মুচৰি নিছে ৷ঘোপ মৰা আউসীৰ অভিশাপৰ অন্ধকাৰত বুৰ গৈ বাট হেৰুৱাই পেলোৱা এটা দুৰ্ভগীয়া পৰিয়ালৰ এগৰাকী যুৱতীক পোহৰৰ বাটৰ সন্ধান দিলে মূখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷জীৱনটোক ঘোৰ অন্ধকাৰৰ মাজতেই আকৌ এবাৰ খেপিয়াই চোৱাৰ সুবিধা পোৱা দুৰ্ভগীয়া যুৱতী গৰাকীৰ নাম মঞ্জুলা বৰুৱা ৷শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ জটকীয়াৰ নিবাসী এই দুৰ্ভগীয়া পৰিয়ালটোত উঠিছে প্ৰাপ্তিৰ আনন্দৰ জোঁৱাৰ ৷অহা কাইলৈ মূখ্য মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি এক লাখ নিযুক্তি পত্ৰ বিতৰণ কৰিব লগীয়া সৰ্ববৃহত কাৰ্য্যসূচীৰ অংগ হৈ পৰা নাজিৰাৰ জটকীয়াৰ দৃষ্টিহীন মঞ্জুলা আজি নিশা গুৱাহাটীলৈ ৰাওনা হৈছে ৷যাত্ৰাৰ প্ৰাক মুহুত্বত নিয়মীয়া বাৰ্তাৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত মঞ্জুলাই কৈ গল মূখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পোহৰৰ বাট কাটি জীয়াই থকাৰ বাবে দিয়া চৰকাৰী সংস্থাপনৰ কথা ৷আজি লৈকে সংবাদ মাধ্যমত মূখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কন্ঠশ্বৰৰ বাদে পোনপটীয়া সাক্ষাত লাভ নকৰাৰ কথা ৷অৱশ্যে কাইলৈ গুৱাহাটীত সেই আশা পুৰণ হোৱাৰ আশা পুহি ৰাখিছে ৷মই দৃষ্টিহীন হলেও মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ নিকা নিযুক্তিয়ে আমাৰ দৰে দুৰ্ভগীয়াৰ পৰিয়ালত পোহৰ বিলাই আমাক জীয়াই থকাৰ সুবিধা দিয়াৰ বাবেই কৃৰ্তজ্ঞাতা জনাইছো ৷উল্লেখ্য যে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি লাভ কৰা মঞ্জুলাৰ প্ৰয়াত পিতৃও আছিল শাৰিৰীক ভাৱে সক্ষম ৷দুজন লৰা, দুজনী ছোৱালী, মাতৃ সহ পাঁচ জনীয়া পৰিয়ালটোৰ বাবে জীয়াই থকাতো দূৰূহ হৈ পৰিছিল ৷সংস্থাপন হীন পৰিয়ালটোৱে চলাই গৈছিল জীয়াই থকাৰ অন্য এখন সংগ্ৰাম ৷উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ মঞ্জুলাই কংগ্ৰেছৰ আমোলৰ পৰাই এটা চৰকাৰী সংস্থাপনৰ বাবে চলাই গৈছিল সংগ্ৰাম ৷কিন্তু কংগ্ৰেছৰ আমোলৰ পৰা এটা দশক ধৰি মঞ্জুলাই চলাই যোৱা সংস্থাপনৰ সংগ্ৰাম খনে লাভ কৰা নাছিল স্বীকৃৰ্তি ৷নাজিৰাৰ পৰা গুৱাহাটীৰ দিছপুৰ পৰ্য্যন্ত অবিৰত ধৰ্ণা – প্ৰতিবাদ চলোৱাৰ পিছতো কোনো পক্ষৰে গা- নলৰাৰ পিছত নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয়েই নিযুক্তিৰ তীব্ৰ প্ৰতিদ্ধন্দিতাৰ মাজত মেধাৰ বলতেই নিৰ্বাচিত হল চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে ৷স্বাভাৱিকতেই কেৱল, অনুভৱ, স্পৰ্শ, শব্দত পৃথিৱী বিছাৰি পোৱা শিৱসাগৰৰ দৃষ্টিহীন মঞ্জুলাক ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিকা নিযুক্তিয়ে দিয়া পোহৰ ভৱিষ্যত দিনৰ বাবে প্ৰেৰণাৰ আধাৰ হিচাবে পৰিগণিত হব ৷য’ত মঞ্জুলাৰ দৰে দৃষ্টিহীনে পাব আকাশ চোৱাৰ অনুভৱ ৷যেন দীৰ্ঘদিন অন্ধকাৰৰ পিছত বিয়পি পৰিল প্ৰশস্থিৰ আভা ৷

 

নাজিৰাৰ জটকীয়াৰ পৰা আশ্ৰফুৰ ৰহমান

You might also like