নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড় শোধনাগাৰত ভয়াবহ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ২৯ মে’ : নিয়মীয়া ৰিফাইনেৰী টাৰ্ণ এৰাউণ্ড বা ছাটডাউনৰ কাম সমাপ্তিৰ দিশে গতি কৰাৰ সময়তে আজি সন্ধিয়া নুমলীগড় শোধনাগাৰৰ এটা অংশত জুই লগাত চৌদিশে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰায় সাতমান বজাত এক প্ৰচণ্ড বিস্ফোৰণৰ শব্দৰ পাছতে শোধনাগাৰৰ মুখ্য দ্বাৰৰ পোনে পোনে থকা মূল প্ৰকল্পৰ অংশটোক জুয়ে আগুৰি ধৰে৷ নিশ্চিত নহয় যদিও এক সূত্ৰই জনোৱা মতে শোধনাগাৰৰ হাইড্ৰজেন প্লাণ্টতে বিস্ফোৰণটো সংঘটিত হৈছে৷ জুই নুমুৱাবলৈ শোধনাগাৰৰ অগ্নিনিৰ্বাপক বাহিনীয়ে আপ্ৰাণ চেষ্টা চলাইছে যদিও বাতৰি লিখা পৰলৈকে জুই নিৰ্বাপিত হোৱা নাই যদিও নিয়ন্ত্ৰণলৈ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে৷ ইফালে শোধনাগাৰে তৎকালীনভাবে আশেপাশে থকা তৈল টেংকাৰবোৰক আঁতৰাই পঠাইছে৷ জুইলগা ঠাইলৈ এম্বুলেন্সৰো প্ৰৱেশ ঘটালৈ চাই হতাহত হোৱাৰো সম্ভাৱনাও নুই কৰিব নোৱাৰি৷ অগ্নিকাণ্ডৰ বাতৰি পোৱাৰ লগে লগেই গোলাঘাটৰ জিলা প্ৰশাসনো সক্ৰিয় হৈ পৰিছে৷ গোলাঘাটৰ পৰাও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে৷ অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই৷ এনআৰএলৰে এজন বিষয়াই জনোৱামতে হাইড্ৰক্ৰেকাৰৰ নাইট্ৰোজেনৰ সংযোগস্থলীৰ যান্ত্ৰিক বিসংগতিৰ বাবেই এই কাণ্ড সংঘটিত হৈছে৷ সবিশেষ সময়তহে জানিব পৰা হ’ব৷
প্ৰেৰক : অৰ্ণৱ শইকীয়া
You might also like