নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ যোৰহাটৰ চিনামৰাত দুজন উচ্চ শিক্ষিত যুৱকে গঢ় দিছে এখন বৃহৎ ফাৰ্ম । আকাশ জ্যোতি গগৈ আৰু অংকুৰ বৰা নামৰ দুই যুৱ উদ্যোগীয়ে উন্নত কাৰিকৰী পদ্ধতি আৰু বিজ্ঞান সন্মত ব্যৱস্থাৰে গঢ় দিছে এখন কণী উৎপাদনৰ ‘লেয়াৰ ফাৰ্ম’ । প্ৰথমাৱস্থাত আকাশজ্যোতি গগৈৰ পিতৃ প্ৰফুল্ল গগৈৰ মনলৈ আহিছিল এই কণী ফাৰ্মৰ চিন্তা আৰু পুত্ৰক এই ব্যৱসায় কৰিবলৈ পৰামৰ্শ দিয়ে ।
পিতৃৰ কথাৰ পাচতেই আকাশজ্যোতি গগৈয়ে বন্ধু অংকুৰ বৰাৰ সৈতে লগলাগি আৰম্ভ কৰিছিল এইখন ফাৰ্ম । বৰ্তমান নিতৌ ১১ হেজাৰ কণী উৎপাদন হৈ আছে এই ফাৰ্মত । উচিত প্ৰটিন সম্পন্ন এই কণীৰ নাম ৰখা হৈছে বাহুবলী । প্ৰায় ১৫ বিঘা মাটিত এই ফাৰ্মৰ বিভিন্ন গোট নিৰ্মাণ কৰা হৈছে । লগতে আছে পাঁচটাকৈ লেয়াৰ ঘৰ । ৫০ জন স্থানীয় যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াৰ লগতে অনাগত সময়ত এই ফাৰ্মৰ কণী উৎপাদন বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে দুয়োজন ব্যৱসায়ীয়ে ।
যোৰহাটৰ বজাৰত ব্যাপক সমাদৰ লাভ কৰা বাহুবলী কণীয়ে কিছু পৰিমাণে হ’লেও বাহিৰাৰ পৰা আমদানী কৰা কণীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে । এই বছৰৰ শেষলৈ নিতৌ ৬০ হাজাৰ কণী উৎপাদনৰ লক্ষ্য ৰাখি প্ৰতিমাহে বৃদ্ধি কৰা হ’ব উৎপাদনৰ পৰিমাণ ।