নিয়মীয়া বাৰ্তা, ৩০ মে: মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ পাভকাটি সমবায় সমিতিৰ নতুন কমিটীৰ কাৰ্যভাৰ গ্ৰহণ কৰে। নিৰ্বাচিত সঞ্চালকমণ্ডলীয়ে সমিতিখনৰ নতুন সভাপতি নিৰ্বাচিত কৰে। সমবায় সমিতিৰ কাৰ্যালয়ত নৱনিৰ্বাচিত সঞ্চালকমণ্ডলীৰ প্ৰথমখন কাৰ্যকৰী সভা অনুষ্ঠিত হয়। কাৰ্যকৰী সভাত উপস্থিত থকা ১৫গৰাকী সদস্যই নতুন সভাপতি নিৰ্বাচন কৰে। সভাতেই পূৰ্বৰ সভাপতি কমল সিং ডেকা পুনৰ বিনাপ্ৰতিদ্বদ্বিতাৰে সমিতিখনৰ সভাপতি হিচাপে নিৰ্বাচিত হয় । উপ-সভাপতি হিচাপে নিৰ্বাচিত হয় চন্দ্ৰকান্ত সৰকাৰ। উপ-সভাপতি পদৰ বাবে দুজন প্ৰাৰ্থী হোৱাৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হৈছিল। সভাত বিভাগীয়ভাৱে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে সবিতা বৰ্মন, নজৰুল ইছলাম আৰু সমবায়খনৰ সম্পাদক দেৱব্ৰত ৰায়।
প্ৰেৰক আবুল কালাম