মাউণ্ট এভাৰেষ্টৰ আৱৰ্জনাৰ দ’মত ধন ঘটাৰ উৎস
বিশেষ বাৰ্তা, ৩০ মেঃ মাউণ্ট এভাৰেষ্টলৈ যোৱা পৰ্বতাৰোহীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। সমান্তৰালভাৱে বৃদ্ধি পাইছে এভাৰেষ্টত আৱৰ্জনাও। এনে পৰিস্থিতিত তাৰ পৰা জাবৰ আনিলে ধন লাভ কৰিব পাৰি। মাউণ্ট এভাৰেষ্টত এতিয়া বহু টন জাবৰ জমা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নেপালৰ সেনাই বহুবাৰ কাৰ্যসূচী চলাইছে আৰু মাউণ্ট এভাৰেষ্টৰ পৰা টন টন জাবৰ সংগ্ৰহ কৰিছে যদিও এভাৰেষ্টত এতিয়াও যথেষ্ট জাবৰ আছে আৰু এতিয়া সীমিত লোককহে এভাৰেষ্ট আৰোহণৰ অনুমতি দিয়া হয়। মাউণ্ট এভাৰেষ্টত বিয়পি পৰা জাবৰৰ কথা ক’বলৈ গ’লে বটল, খাদ্য সামগ্ৰী, অক্সিজেনৰ কেন, ফুড পেকিং ৰেপাৰ, মেডিকেল ৰেপাৰ, চিকিৎসা সঁজুলি, মেচিন, বগাই যোৱা সঁজুলি আদিয়ে প্ৰধান। যেতিয়া কোনোবা মাউণ্ট এভাৰেষ্টলৈ যায়, তেতিয়া মাউণ্ট এভাৰেষ্টলৈ যোৱাৰ অনুমতি ল’ব লাগে। এই অনুমতিৰ বাবে নেপাল চৰকাৰেও মাচুল লয়। এনে অৱস্থাত চৰকাৰে পৰ্বতাৰোহীসকলক এটা অফাৰ দিয়ে যে যদি তেওঁলোকে তাৰ পৰা জাবৰ আনে, তেন্তে সেই জাবৰৰ ওজন অনুসৰি অনুমতি মাচুল ৰেহাই দিয়া হ”ব।