নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰৰ কৃষকৰ বাবে নমো মহাসন্মান নিধি ঘোষণা মুখ্যমন্ত্ৰী শিণ্ডেৰ

বিশেষ বাৰ্তা, ৩০ মেঃ মহাৰাষ্ট্ৰৰ কৃষকৰ বাবে সুখবৰ। আজি মহাৰাষ্ট্ৰৰ কেবিনেটে অনুমোদন জনাইছে নমো কিষাণ নিধি আঁচনিৰ। এই আঁচনিৰ অধীনত মহাৰাষ্ট্ৰ চৰকাৰেও পোনপটীয়াকৈ কৃষকৰ একাউণ্টত বছৰি ৬ হাজাৰ টকা জমা কৰিব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেই আজি কেবিনেট বৈঠকত কৃষকৰ বাবে এনে কল্যাণকামী সিদ্ধান্ত লোৱা হৈছে বুলি কয়। ৰাজ্যত ৰূপায়ণ হ’ব নমো শেটকাৰী মহাসম্মান নিধি আঁচনি। তেওঁ আৰু কয় যে কেন্দ্রীয় চৰকাৰে যেনেকৈ কৃষকক বছৰি ৬ হাজাৰ টকা দিয়াৰ সিদ্ধান্ত লৈছিল, ঠিক তেনেদৰে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰাও সিদ্ধান্ত লোৱা হৈছে ৷ য’ত ৬ হাজাৰ টকা ৰাজ্য চৰকাৰে কৃষকৰ একাউণ্টত প্ৰত্যক্ষভাৱে জমা দিব। ইফালে মহাৰাষ্ট্ৰৰ কেবিনেটে কপাহ খেতি কৰা অঞ্চলটোত বিনিয়োগক উৎসাহিত কৰাৰ বাবে নতুন বস্ত্ৰ নীতিত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে চৰকাৰে ২৫,০০০ কোটিৰ বিনিয়োগ আকৰ্ষণ কৰাৰ পৰিকল্পনা কৰিছে। মহাৰাষ্ট্ৰৰ কেবিনেটে শ্ৰমিকৰ সুৰক্ষা, স্বাস্থ্য, কৰ্মৰ অৱস্থা সন্দৰ্ভতো নতুন শ্ৰম নিয়মত অনুমোদন জনাইছে। লাখ লাখ শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষিত কৰা বুলি মুখ্যমন্ত্ৰীয়ে কয়। ইয়াৰ উপৰি চৰকাৰে ঘোষণা কৰে যে চিলোড তালুকত কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হ’ব। মহিলাকেন্দ্ৰিক পৰ্যটন নীতিয়ে মহিলাসকলক পৰ্যটন ব্যৱসায়ত অধিক সুযোগ প্ৰদান কৰিব। নতুন তথ্য প্ৰযুক্তি সহায়ক সেৱা নীতি অনুমোদন কৰা হৈছে যিয়ে ৰাজ্যখনক দেশৰ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত আগৰণুৱা স্থানলৈ লৈ যাব। ইয়াত ৯৫ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰা হ’ব।

You might also like