নিয়মীয়া বাৰ্তা, ২জুনঃ পঞ্চায়তীৰাজৰ কাৰ্যকাল অন্ত পৰিবলৈ চাৰিমাহৰ প্ৰাকমূহুৰ্তত ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত গোলাই গাওঁ পঞ্চায়তৰ সভানেত্ৰী জোনমণি কছাৰীক আজি অপসাৰণ কৰাৰ খবৰ অঞ্চলজুৰি চৰ্চাৰ বিষয় হৈ পৰা দেখা গৈছে। ডিগবৈ বিধানসভা সমষ্টিৰ গোলাই পঞ্চায়তৰ বিভিন্ন অনিয়মৰ অভিযোগত পঞ্চায়তৰ আঠজন ৱাৰ্ড মেম্বাৰে সভানেত্ৰী জোনমণি কছাৰীৰ বিৰুদ্ধে বিভিন্ন পক্ষক আপত্তি দৰ্শাই আহিছিল। জোনমণি কছাৰীয়ে গোলাই পঞ্চায়তৰ অন্তৰ্গত দহটা ৱাৰ্ডত সমদৃষ্টি প্ৰদান নকৰি একপ্ৰকাৰ নিজ খেয়ালখুচি আৰু মইমতালিৰে চৰকাৰী আঁচনিসমূহ প্ৰদান কৰি আহিছিল। সতীৰ্থ ৱাৰ্ড মেম্বাৰসকলক গুৰুত্বহীন কৰি একনায়কত্ববাদ ৰাজনীতিৰে পঞ্চায়তীৰাজ চলাই অহাক লৈ অৱশেষত পঞ্চায়তখনৰ মুঠ দহগৰাকী ৱাৰ্ড মেম্বাৰৰ আঠগৰাকীয়ে অনাস্থা প্ৰস্তাৱ দাখিল কৰে। শেহতীয়াকৈ দুয়োপক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি ২০২১ চনৰ জুন মাহত এক ৰীট আবেদন দাখিল কৰে। জোনমণি কছাৰীয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰা স্থগিতাদেশ আনি পৰৱৰ্তী সময়ত পুনৰ কাৰ্যকাল চলাই আহিছিল যদিও পুনৰ ৰীট আবেদনৰ ভিত্তিত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে ২৬ মে,ত শুনানি গ্ৰহণ কৰি একেদিনাই ৰায়দান কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান প্ৰতি সন্মান জনাই তৎকালীনভাৱে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে জোনমণি কছাৰীক গোলাই পঞ্চায়তৰ সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰি উপ-সভানেত্ৰী কৰবী সোণোৱালক ভাৰপ্ৰাপ্ত সভানেত্ৰীৰ দায়িত্ব অৰ্পণ কৰে। উল্লেখ্য যে আগন্তুক চাৰি মাহৰ অন্তত পঞ্চায়তীৰাজৰ কাৰ্যকালৰ অন্ত পৰিব। এনে সময়ত নিজ দলৰেই এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনি সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। ইপিনে, জোনমণি কছাৰীয়ে পঞ্চায়ত সভানেত্ৰী কোঠাৰ চাবি প্ৰদান নকৰাত তলা ভাঙি নৱনিযুক্ত সভানেত্ৰীগৰাকীয়ে কাৰ্যালয় কোঠাত প্ৰৱেশ কৰিব লগা হয়।
প্ৰেৰক ৰমণী বুঢ়াগোহাঁই