নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এভাৰেষ্টত বৃদ্ধি পর্বতাৰোহীৰ মৃত্যুৰ সংখ্যা

📌 প্রয়োজনীয় দক্ষতাৰ অভাৱ

📌 চলিত বর্ষত ১৩জনৰ মৃত্যু, সন্ধানহীন চাৰিজন

বিশেষ বাৰ্তা, ৪ জুনঃ বিশ্বৰ সর্বোচ্চ শৃংগ এভাৰেষ্টৰ বুকুত পর্বতাৰোহীৰ মৃত্যুৰ ঘটনাক লৈ ব্যাপক চর্চা চলিছে ৷ চলিত বর্ষত এভাৰেষ্টৰ বুকুত মৃত্যু হৈছে ১৩গৰাকী পর্বতাৰোহীৰ ৷ আনফালে, সন্ধানহীন হৈ আছে চাৰিজন ৷ চৰকাৰীভাৱে সন্ধানহীনসকলক মৃত ঘোষণা কৰিলে মৃত্যুৰ সংখ্যা হ’ব ১৭ ৷ এভাৰেষ্টত এটা বছৰত আটাইতকৈ বেছি পর্বতাৰোহীৰ মৃত্যু হিচাপে চিহ্ণিত হ’ব এয়া ৷ ১৯২২ চনৰ পৰা চলিত বর্ষলৈ এভাৰেষ্টৰ আটাইকেইটা ৰুটত মুঠ ১৯৩জন পর্বতাৰোহী আৰু ১২৫জন শ্বেৰপা অর্থাৎ নেপালী পর্বত আৰোহণত সহায় কৰা লোকৰ মৃত্যু হৈছে ৷ বিভিন্ন গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ বাবে পর্বত আৰোহীসকলৰ দুর্ঘটনাত মৃত্যু হোৱা বুলি দাবী কৰিছে যদিও আৰোহণৰ দক্ষতা নথকাৰ বাবে বহু পর্বতাৰোহীয়ে মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা বুলি শেহতীয়াকৈ বিশেষজ্ঞসকলে দাবী কৰিছে ৷

You might also like