নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্রদেশত গংগাৰ তীৰত শতাধিক মৃতদেহ!

📌 প্রয়াগৰাজ জিলা প্রশাসনৰ নিষেধাজ্ঞা উলংঘা কৰি চলাই থকা হৈছিল কবৰ দিয়া কার্য

বিশেষ বাৰ্তা, ৪ জুনঃ গংগাৰ পাৰত বালিৰ তলৰ পৰা ওলাবলৈ ধৰিছে এটাৰ পিছত এটাকৈ মৃতদেহ ৷ কোনোটো মৃতদেহৰ প্লাষ্টিক দেখা গৈছে যদি কোনোটোৰ আকৌ কংকাল দেখিবলৈ পোৱা গৈছে ৷ উত্তৰ প্রদেশৰ প্রয়াগৰাজৰ গংগাৰ তীৰত এনেদৰে শতাধিক মৃতদেহৰ কংকাল ওলোৱা ঘটনাক লৈ পুনৰ সৃষ্টি হৈছে চাঞ্চল্য ৷ ক’ৰোনা অতিমাৰীৰ দ্বিতীয় জোৱাৰত এনেদৰে গংগাৰ বুকুত মৃতদেহ উটি অহা ঘটনাক লৈ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল উত্তৰ প্রদেশ চৰকাৰ ৷ গংগাৰ সেই ফাফামৌ ঘাটত এই ঘটনাৰ পুনৰাবৃত্তি ঘটিছে ৷ বিষয়টোক লৈ পুনৰ আৰম্ভ হৈছে চর্চা ৷ স্থানীয় সূত্রই সদৰী কৰা অনুসৰি, গংগাৰ এই ঘাটত শৱদাহ আৰু কবৰ দিয়াৰ ৰীতি বহু পুৰণি ৷ ক’ভিডৰ সময়ত শ শ মৃতদেহ কবৰ দিয়া হৈছিল এই ঘাটত ৷ কিন্তু সমালোচনাৰ সন্মুখীন হোৱাৰ লগে লগে প্রশাসনে এই ঘাটত মৃতদেহ কবৰ দিয়াৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছিল ৷ নিষেধাজ্ঞা সত্ত্বেও মৃতদেহ কবৰ দিয়া কার্য বন্ধ হোৱা নাছিল উক্ত স্থানত ৷ সেই মৃতদেহবোৰৰ কংকাল বালিৰ তলৰ পৰা বাহিৰলৈ ওলাই অহাৰ লগে লগে অস্বস্তিত পৰিছে জিলা প্রশাসন ৷ জিলা প্রশাসনৰ সূত্রই দাবী কৰিছে যে যিধৰণে ৰীতিৰ নামত এই ঘাটত কবৰ দিয়া কাম চলি আছে, সেয়া অত্যন্ত চিন্তাৰ বিষয় ৷ এই প্রসংগত প্রয়াগৰাজৰ মেয়ৰে উল্লেখ কৰিছে যে জনসাধাৰণক সজাগ নকৰাৰ বাবে গংগাৰ পাৰত বালিৰ তলত কবৰ দিয়া কাম চলি আছে ৷ এইক্ষেত্রত সজাগতা সৃষ্টিৰ প্রয়োজন আছে বুলি মেয়ৰগৰাকীয়ে উল্লেখ কৰে ৷

You might also like