নিয়মীয়া বাৰ্তা, ৪ জুনঃ ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকী এলেকাত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হোৱা ৬৩গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আজি ফুলাম গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰাৰ লগতে উজ্বল ভৱিষ্যতৰো কামনা কৰে সোণাৰি চাপৰি আৰক্ষীয়ে ৷ সদ্যঘোষিত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰি পৰিয়াল, বিদ্যালয় আৰু অঞ্চলটোলৈকো গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা আৰু নিজকে এপিএছ, আইপিএছ, ডাক্তৰ, উকীল, ইঞ্জিনীয়াৰ, শিক্ষক আদি হোৱাৰ সপোন দেখা বুলি নিজৰ নিজৰ মত ব্যক্ত কৰা কীৰ্তিমানসকলক সম্বৰ্ধনা জনাই আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ ব্যৱধান হ্ৰাস কৰাৰো প্ৰয়াস কৰাত অভিনন্দন জনায় সকলোৱে ৷ সোণাৰি চাপৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত প্ৰভাৰী অনন্ত কুমাৰ নৰহৰ সভাপতিত্বত সোণাৰি চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ স্থায়ী সভাকক্ষত অনুস্থিত সম্বৰ্ধনা সভাত সমাজৰ উচ্ছৃঙ্খলতা দূৰ কৰি সমাজ আৰু দেশৰ হকে কাম কৰি যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় আৰক্ষী বিষয়াগৰাকীয়ে ৷ সোণাৰি চাপৰি চকীৰ সমূহ আৰক্ষী, অঞ্চলৰ বহুসংখ্যক সমাজ সচেতন আৰু শিক্ষানুৰাগী লোকৰ লগতে অভিভাৱক-অভিভাৱিকাকে ধৰি শতাধিক লোক উপস্থিত থকা বিশেষ সম্বৰ্ধনা সভাখন সোণাৰি চাপৰি আৰক্ষী চকীৰ মেজৰ ছামচুদ্দিন আহমেদৰ গীত পৰিৱেশনে অধিক মনোগ্ৰাহী কৰি তোলে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি