নিয়মীয়া বাৰ্তা, ৪ জুনঃ “ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী” সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ বাৰ্ষিক অধিবেশনখন বকোত আয়োজন কৰাৰ প্ৰস্তূতি চলিছে। গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ অধিবেশন আয়োজন কৰাৰ প্ৰস্তূতি চলাবলৈ আজি বকোস্থিত চিলাৰায় ভৱনত অনুষ্ঠিত হয় এখন সাধাৰণ সভা। গ্ৰাম্য পুথিভঁৰাল সন্থাৰ জিলা সমিতিৰ সভাপতি অনিল চন্দ্ৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাৰ আঁত ধৰে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মিলন কুমাৰ দাসে। সভাত দক্ষিণ কামৰূপ জিলা আৰু গোৱালপাৰা জিলাৰ বহুসংখ্যক গ্ৰাম্য পুথিভঁৰাল পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকৰ উপৰি বিষয়ববীয়াসকল উপস্থিত থাকে। সভাত গ্ৰাম্য পুথিভঁৰাল সন্থাৰ গোৱালপাৰা জিলাৰ সভাপতি প্ৰতাপ অধিকাৰী ; উপ সভানেত্ৰী ড: দিলোৱাৰা ( ইলোৰা ) বেগম ; সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি অনুপম দাস ; জ্যেষ্ঠ্য সমাজকৰ্মী খৰাপাৰা যুৱক সংঘ আৰু পুথিভঁৰালৰ সভাপতি জীৱেশ্বৰ কলিতা ; দিলিঙ্গা নৱ যুৱক সংঘৰ সভাপতি নয়ন মণি কলিতা ; খটখটি জ্ঞানদায়িনী পুথিভঁৰাল পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ বড়ো; কালিয়াবড়ী নেহৰু জ্যোতি সংঘৰ সভাপতি বিষ্ণু ৰাম দাসকে ধৰি বহু সংঘ আৰু পুথিভঁৰাল পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। ইফালে, জিলা সমিতিৰ বাৰ্ষিক অধিবেশনখন অহা ১১ জুনত বকোত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজিৰ পৰাই যাৱতীয় কাম-কাজ পৰিচালনা কৰাৰ বাবে গঠন কৰে এখন অভ্যৰ্থনা সমিতি। গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মিলন কুমাৰ দাসক সভাপতি ; নাৰায়ণ বড়োক উপ-সভাপতি আৰু বিষ্ণু ৰাম দাসক সাধাৰণ সম্পাদক ; পঞ্চায়ত সভাপতি দুট কুমাৰ ৰাভাক সহকাৰী সম্পাদক ; জীৱেশ্বৰ কলিতা ; অনুপম দাস; নয়নমণি কলিতাকে ধৰি বহুকেইজন বিষয়ববীয়াক কাৰ্য্যকৰী সদস্যৰ দায়িত্ব অৰ্পণ কৰি গঠন কৰে অভ্যৰ্থনা সমিতিখন।
প্ৰেৰক বিষ্ণু ৰাম দাস