নিয়মীয়া বাৰ্তা, ৪ জুনঃ ৰঙিয়াৰ বঙালীকুছিত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু হয়। মৃত লোকজন হৈছে ৰঙিয়া ২নং নকুলৰ হামিদৰ ৰহমান। হামিদৰ ৰহমান পেছাত এগৰাকী বিদ্যুৎ বিভাগৰ ইলেকট্ৰিচিয়ান। পুৱাৰ ভাগত ৰঙিয়াৰ বঙালীকুচিত বিদ্যুৎ মেৰামতি কৰি থাকোঁতে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হয়। তাৰ পাছতেই হুৱাদুৱা লাগে । অচেতন হৈ পৰা লোকজনক ততাতয়াকৈ ৰঙিয়াৰ স্বস্তি হস্পিটালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। তাৰ পাছতেই উত্তপ্ত হৈ পৰে স্বস্তি হস্পিতলৰ চৌহদ। বিদ্যুৎ বিভাগৰ অভিযন্তা এগৰাকীয়ে স্বস্তি হস্পিতালত খবৰ ল’বলৈ আহোঁতে একাংশ লোকে মাৰধৰ কৰে। অভিযন্তাগৰাকীৰ ভুলৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ ৰাইজৰ। ইতিমধ্যে অভিযন্তাগৰাকীক একাংশ লোকে মাৰধৰ কৰাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত। অভিযন্তাগৰাকীক বচাবলৈ অহা স্বস্তি হস্পিতলৰ চিকিৎসককো মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
প্ৰেৰক ফাৰুক হুছেইন