নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপ এতিয়া অপ্ৰতিৰোধ্য শক্তিঃ অতুল বৰা

🟢 ধেমাজিত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

বিশেষ বাৰ্তা, ধেমাজি, ৪ জুনঃ প্ৰচণ্ড গৰমক নেওচি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ উৎসাহ আৰু অকুণ্ঠ সঁহাৰিৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত আজি ধেমাজি চহৰত অসম গণ পৰিষদ দলৰ এখন বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়। অসম গণ পৰিষদৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলৰ মনোবল বৃদ্ধিৰে দলটোক নিৰ্বাচনী যুঁজত শক্তিশালীভাৱে অৱতীৰ্ণ হবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি উল্লেখ কৰি সভাপতি অতুল বৰাই আজি লখিমপুৰ লোকসভা সমষ্টিৰ বাবে ধেমাজিত অনুষ্ঠিত অগপৰ বিশেষ কৰ্মকৰ্তা সন্মিলনত লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টাকৈ বিধানসভা সমষ্টিত আঞ্চলিকতাবাদৰ ধ্বজা সুদৃঢ় কৰি ৰখা দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰি কয় যে সংকীৰ্ণ স্বাৰ্থ সিদ্ধিৰ বাবে অসম আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমীয়াক হত্যা কৰিছিল কংগ্ৰেছ দলে। অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কংগ্ৰেছক ৰোধ কৰিব লাগিব, তাৰ বাবে অগপৰ কৰ্মকৰ্তাসকলক একত্ৰিতভাৱে দলীয় কাম-কাজ আগবঢ়াই নিবলৈ সভাত আহ্বান জনায়। সভাপতি বৰাই লগতে কয় যে অসমবাসীৰ হৃদয়ত থকা একমাত্ৰ আঞ্চলিক দলটোৱেই হৈছে অসম গণ পৰিষদ।

ৰাইজৰ আশিস শিৰত লৈ অগপৰ শিপাডাল অধিক মজবুত তথা বিস্তাৰিত কৰাৰ বাবে দলীয় সতীৰ্থসকলক অগপৰ শিপাডালত সাৰ-পানী যোগাবলৈ আহ্বান জনায়। সাৰ-পানী হিচাপে দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক নিজ নিজ এলেকাত কৰ্মকৰ্তাৰ সংখ্যা বৃদ্ধিৰে দলৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাবলৈ কয় আৰু আগন্তুক লোকসভা নিৰ্বাচনত দলটোৱে যাতে শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব পাৰে, তাৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি অব্যাহত ৰাখিবলৈ মুকলি আহ্বান জনায়। বৰাই কয় যে সমাগত দিনবোৰ হব আঞ্চলিকতাবাদৰ দিন, অসম গণ পৰিষদৰ দিন। ৰাজ্যখনৰ চৌদিশে দলটোক শক্তি প্ৰদান কৰিবলৈ ৰাইজ ওলাই আহিছে । খিলঞ্জীয়া মানুহৰ সুৰক্ষা আৰু ৰাজ্যখনৰ বিকাশৰ স্বাৰ্থত অগপৰ বিকল্প নাই বুলি উল্লেখ কৰি বৰাই অহা নিৰ্বাচনসমূহত অপ্ৰতিৰোধ্য শক্তি ৰূপে দলটো প্ৰতিষ্ঠিত হব বুলি তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে। সভাত ওড়িশাত সংঘটিত দুৰ্ভাগ্যজনক ৰে’ল দুৰ্ঘটনাটোত নিহত লোকসকলৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা হয় আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। সভাতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ধনমণি দত্তই আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে। সন্মিলনত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই অসম গণ পৰিষদৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলৰ প্ৰচুৰ কৰ্মোদ্যমে আৰু নিৰৱচ্ছিন্ন প্ৰচেষ্টাই দলটোক শক্তিশালী ৰূপত প্ৰাণৱন্ত কৰি তুলিছে বুলি কৈ দলৰ সভাপতি অতুল বৰাৰ বলিষ্ঠ নেতৃত্বত প্ৰতিগৰাকী অসমবাসীৰ হিয়াৰ আমঠু অগপ দলে দুৰন্ত গতিৰে ধাৱমান হৈছে বুলি মন্তব্য কৰে। লখিমপুৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত বিধানসভা সমষ্টিসমূহৰ কৰ্মকৰ্তাসকলক একত্ৰিত কৰি আজি ধেমাজিত অনুষ্ঠিত হোৱা বিশেষ কৰ্মকৰ্তা সন্মিলনত সমৱেত হোৱা অগণন কৰ্মকৰ্তাৰ স্বতঃস্ফূৰ্ত সঁহাৰি প্ৰত্যক্ষ কৰি মহন্তই লগতে কয় যে কৰ্মকৰ্তাসকল হ’ল দলৰ চালিকা শক্তি ৷ কৰ্মকৰ্তাসকলে কৰ্মস্পৃহা আৰু দক্ষতাৰে দলটোক জনমুখী কৰি সাংগঠনিক বুনিয়াদ সবলীকৰণ কৰিব পাৰে আৰু দলৰ সফলতাও কৰ্মকৰ্তাসকলৰ মনোবলৰ ওপৰত নিৰ্ভৰ কৰে ৷ কাৰ্য্যকৰী সভাপতিজনে কৰ্মকৰ্তাসকলক পূৰ্ণ সক্ৰিয়তাৰে সাংগঠনিক পৰিকাঠামো সুদৃঢ় কৰিবলৈ আহ্বান জনাই আসন্ন পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত অপ্ৰতিৰোধ্য সফলতা অৰ্জনৰ বাবে দলৰ সকলো নেতা-কৰ্মীকে একাগ্ৰতাৰে আৰু নিৰন্তৰভাৱে লখিমপুৰ লোকসভা সমষ্টিত জনসংযোগ বৃদ্ধি কৰাৰ বাবে আহ্বান জনায়। বিশেষ কৰ্মকৰ্তা সন্মিলনখনত বিধায়ক তথা দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, উপ-সভাপতি সুনীল ডেকা, সুনীল ৰাজকোঁৱৰ, মহেশ দলে, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰবীণ হাজৰিকা, ভূপেন ৰায়, পোনাকণ বৰুৱা, সত্যব্ৰত কলিতা আৰু সম্পাদক বিত্ত জয়ন্ত খাউণ্ড, সম্পাদকসকল, ভাতৃ আৰু ভগ্নী পৰিষদসমূহৰ সভাপতি আৰু সভানেত্ৰীসকল, লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সাংগঠনিক জিলা সমিতিসমূহৰ সভাপতি সমন্বিতে কৰ্মকৰ্তাসকল, বিধান পৰিষদসমূহৰ সভাপতি সমন্বিতে কৰ্মকৰ্তাসকল আৰু দলৰ জ্যেষ্ঠ আৰু কনিষ্ঠ কৰ্মকৰ্তাসকলৰ উপৰি দলৰ ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

You might also like