নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ ভৱেশ কলিতাৰ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি ৰঙিয়া নগৰৰ লগতে ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সম্পদ হিচাপে পৰিচিত আৰিমত্ত গড়ত গছপুলি ৰোপণ কৰা হয় । ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া প্ৰেছ ক্লাবৰ সহযোগত ৰঙিয়াৰ বিভিন্ন ঠাইত বগানভেলিয়া ফুলৰ পুলি ৰোপণ কৰে । বগানভেলিয়া গছপুলি ৰোপণৰ কাৰ্য‍্যসূচীৰ শুভাৰম্ভ কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । বৃক্ষৰোপণ কৰি তেওঁ সমাজখন প্লাষ্টিকমুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় । অনুষ্ঠানটোত ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, মহকুমাধিপতি দিপন বৰ্মনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা স্থানীয় ৰাইজে বৃক্ষৰোপণ কৰে । অনুষ্ঠানটোৰ শেষত মহকুমাধিপতিগৰাকীয়ে বগা, হালধীয়া আৰু গোলপীয়া ৰঙৰ বগানভেলিয়া ফুলবোৰ ফুলিলে ৰঙিয়া এখন সুন্দৰ “বগানভেলিয়া নগৰ”লৈ ৰূপান্তৰিত হব বুলি আশা প্ৰকাশ কৰে । বৃক্ষৰোপণৰ বাবে ৰঙিয়াৰ কেইবাখনো চিকিৎসালয়, ব্যৱসায়িক প্ৰতিস্থানৰ স্বত্বাধিকাৰীসকলে নিজা খৰচত মহকুমা প্ৰশাসনক বগানভেলিয়াৰ গছপুলি আগবঢ়ায় । ইফালে, এই কাৰ্যসূচীৰ অংশ হিচাপে আৰিমত্ত গড়তো সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ বাবে গছপুলি ৰোপণৰ ব‍্যৱস্থা কৰা হয় । গড়টোত সেনা বাহিনীৰ ৰেডহৰ্ণ ডিভিজনৰ সহযোগত মহকুমা প্ৰশাসনে প্ৰায় এক কিলোমিটাৰ অংশত বিভিন্ন ফল-মূলৰ পুলি ৰোপণৰ ব‍্যৱস্থা গ্ৰহণ কৰে । উল্লেখ্য যে কেইবাশ বছৰ পূৰ্বে ৰজা বৈদ্যদেৱ আৰু ৰজা আৰিমত্তই নিজৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে আৰিমত্ত গড় নিৰ্মাণ কৰিছিল ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like