নিয়মীয়া বাৰ্তা, ৫ জুনঃ বৰপেটা জিলা সাহিত্য সভাৰ উদ্যোগত আজি পাঠশালাৰ উত্তৰ বজালী হাইস্কুল প্ৰাঙ্গণত ‘বিশ্ব পৰিৱেশ দিৱস’ পালন কৰা হয়৷ এই উপলক্ষে পুৱা পৰিৱেশ নিকাকৰণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে উত্তৰ বজালী হাইস্কুলৰ প্ৰধান শিক্ষক লঙ্কেশ্বৰ কলিতাই আৰু প্ৰদীপ প্ৰজ্বলন কৰে উত্তৰ বজালী সাহিত্য সভাৰ সভাপতি প্ৰমোদ শৰ্মাই ৷ তাৰ পিছতে বিদ্যালয় চৌহদত বৃক্ষৰোপণ কৰা হয় ৷ পৰিৱেশ দিৱস উপলক্ষে আয়োজিত মুকলি সভাত সভাপতিত্ব কৰে বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে৷ বৰপেটা জিলা সাহিত্য সভাৰ সম্পাদক জয়ন্ত কুমাৰ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বি এইচ বি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডঃ নমিতা দাস গুৰুঙে নিদিষ্ট বক্তা হিচাপে বক্তব্য প্ৰদান কৰি পৰিৱেশ সংৰক্ষণ আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত বহলাই বক্তব্য প্ৰদান কৰে ৷ সভাত অসম সৌৰভ বঁটাপ্ৰাপক বিশিষ্ট নাট্য কৰ্মী কৃষ্ণ ৰয়, দিব্যাংগ শিশুৰ পীঠস্থান পাঠশালা তপোবনৰ অধ্যক্ষ কুমুদ কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল তালুকদাৰ আৰু পাটাছাৰকুছি সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ে এইবাৰৰ পৰিৱেশ দিৱসৰ যি শ্লোগান “প্লাষ্টিক বৰ্জন কৰো আহক” তাৰ ওপৰত বক্তব্য ৰখাৰ লগতে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য আৰু ইয়াৰ গুৰুত্বৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ সভাত বিশিষ্ট সাংবাদিক ক্ৰমে দি আছাম ট্ৰিবিউনৰ বৰপেটাৰ হৰমোহন বৰ্মন, অসমীয়া খবৰৰ বৰপেটাৰোডৰ অৰূপ বায়ন, নিয়মীয়া বাৰ্তাৰ পাঠশালাৰ কল্যাণ কলিতা আৰু আমাৰ অসমৰ বজালীৰ কৈলাস চৌধুৰীৰ লগতে পৰিৱেশ সংৰক্ষণৰ যুৱ কৰ্মী কাৰ্তিক কাকতি আৰু চম্পক কাকতিক সম্বৰ্ধনা জনায়৷ সভাত বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰামকৃষ্ণ তালুকদাৰ, বজালী জিলা অধিবক্তা সন্থাৰ সম্পাদক দীপক ৰয়, বিশিষ্ট কবি পুৰন্দৰ পাটগিৰি, সাহিত্যিক ভূপেন খাটনিয়াৰ, নিকুঞ্জ কাকতি, প্ৰাক্তন প্ৰধান শিক্ষক তৰণী পাটগিৰি, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰকাশন সচিব দীনেশ দাস আৰু বিশিষ্ট শিল্পী সনাতন কাকতিয়ে উপস্থিত থাকি বিশ্ব পৰিৱেশ দিৱসৰ ভালেকেইটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৷ প্ৰমোদ শৰ্মাই শলাগ জ্ঞাপন কৰা সভাখনৰ অসম সংগীতেৰে সামৰণি মৰা হয়৷
প্ৰেৰক কল্যাণ কলিতা