নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শৃংখলাটোত জয়ৰ বাবে ভাৰত যোগ্য নাছিলঃ কোহলি

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ হাতত এদিনীয়া শৃংখলাত হোৱাইট ৱাছৰ সন্মুখীন হোৱাৰ পিছত অসন্তুষ্ট হৈ পৰিছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি৷ মঙলবাৰে তৃতীয় এদিনীয়াত পাঁচ উইকেটত পৰাস্ত হোৱাৰ পিছত আলহী দলটোৰ তাৰকা বেটছমেনগৰাকীয়ে কয় যে এই শৃংখলাটোত জয়ৰ বাবে ভাৰত যোগ্য দল নাছিল৷ ‘এদিনীয়া শৃংখলাটোত আমাৰ প্রদর্শন মুঠেই সন্তোষজনক নাছিল৷ জয়ৰ বাবে আমি কোনোপধ্যে যোগ্য দল নহয়৷ বিশেষকৈ বলাৰে প্রয়োজনৰ সময়ত উইকেট দখল কৰিব নোৱৰাটো আমাৰ দুর্বলতা হিচাপে দেখা দিছে৷ ফিল্ডিঙতো আমি যথেষ্ট সুযোগ নষ্ট কৰিছোঁ৷ আন্তঃৰাষ্ট্রীয় ক্রিকেটত আমি এইধৰণৰ ভুল কৰিব নোৱাৰোঁ৷’ অধিনায়ক কোহলিয়ে এইদৰে কয়৷

ইফালে, টি–২০ শৃংখলাত হোৱাইট ৱাছৰ সন্মুখীন হোৱাৰ পিছতো এদিনীয়াত দুর্দান্ত প্রত্যাৱর্তন ঘটোৱা নিউজিলেণ্ড দলক ভূয়সী প্রশংসা কৰে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে৷ ‘নিউজিলেণ্ডে আমাতকৈ অধিক উন্নত খেলিছে৷ শৃংখলাটোত আমি পর্যাপ্ত দৃঢ়তা আৰু ধৈর্যৰ পৰিচয় দিব নোৱাৰিলোঁ৷ কেন উইলিয়ামছনৰ অনুপস্থিতিতো নিউজিলেণ্ডে প্রথম দুখন মেচত যিধৰণৰ যুঁজাৰু মানসিকতাৰ পৰিচয় দিলে সেয়া সঁচাকৈয়ে প্রশংসনীয়৷’ কোহলিয়ে এইদৰে কয়৷ অৱশ্যে অহা ২১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্ট শৃংখলাত টীম ইণ্ডিয়াই শক্তিশালী প্রত্যাৱর্তন ঘটাব বুলি তেওঁ আশ্বাস দিয়ে৷

আই চি চি টেষ্ট চেম্পিয়নশ্বিপৰ পৰিপ্রেক্ষিতত প্রতিখন টেষ্টৰে গুৰুত্ব বৃদ্ধি পাইছে বুলি উল্লেখ কৰি কোহলিয়ে কয় যে টেষ্টত টীম ইণ্ডিয়া অধিক শক্তিশালী আৰু ভাৰসাম্য৷ বিশ্বৰ যিকোনো প্রান্তত টেষ্ট জয় কৰিব পৰাকৈ দলটো এতিয়া সক্ষম৷

You might also like