নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL-2026ত চেম্পিয়ন RCB, আহমেদাবাদত পৰাস্ত GT

ক্রীড়াপ্রেমীৰ উৎকণ্ঠা আৰু উত্তেজনাৰ অন্ত পেলাই আইপিএলত পুনৰ উৰিল ৰয়েলছ চেলেঞ্জার্ছ বেংগালুৰুৰ বিজয়ধ্বজা৷ ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰুৱে হাইভল্টেজ ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি অক্ষুণ্ণ ৰাখিলে আইপিএলৰ খিতাপ।

এই ঐতিহাসিক বিজয়ৰ মূল নায়ক হিচাপে পৰিগণিত হ’ল বিৰাট কোহলি৷ ফাইনেলৰ চাপত বাকী শীর্ষ বেটাৰে পেভিলিয়নমুখী হোৱাৰ সময়ত কোহলিয়ে নিজৰ সুদীর্ঘ অভিজ্ঞতাৰে শ্রেষ্ঠত্ব উজাৰি দি দলক উপহাৰ দিলে স্মৰণীয় জয়৷

টছত জিকি প্রথমে বেটিং কৰিবলৈ অহা গুজৰাট টাইটানছে ২২ ৰানতে প্রথমটো উইকেট হেৰুৱায়৷ অধিনায়ক গিলে ১০ ৰান কৰি আউট হোৱাৰ পিছত ২৬ ৰানৰ দলীয় স্ক’ৰত পেভিলিয়নলৈ ওভতে আনগৰাকী অপেনাৰে সাই সুদর্শন৷

আৰচিবিৰ নিয়ন্ত্রিত বলিঙতধৰাশায়ী গুজৰাটৰ বেটাৰসকলে পৰৱর্তী সময়তো কোনো শক্তিশালী স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল৷ দলৰ হৈ ৱাশ্বিংটন সুন্দৰে সর্বাধিক ৫০ ৰানৰ বৰঙণি আগবঢ়ায়৷ আৰচিবিৰ বলাৰৰ নিখুঁত লাইন আৰু লেংথৰ প্রত্যাহ্বান নেওচিব নোৱাৰি গুজৰাটে নির্ধাৰিত ২০ অভাৰত ১৫৫ ৰানতে সীমাবদ্ধ থাকে৷ আৰচিবিৰ হৈ ৰসিখ চালামে সর্বাধিক ৩টা উইকেট লাভ কৰে৷

ইফালে ১৫৬ ৰানৰ লক্ষ্য লৈ বেংগালুৰুৱে কোহলিৰ ৭৫ ৰান আৰু অপেনাৰ ভেংকটেশ আয়াৰৰ ৩২ ৰানৰ সহায়ত ১৮ অভাৰতে ৫ উইকেট হেৰুৱাই বিজয়ী হয়৷ কোহলিয়ে ৪২টা বলত ৯টা চাৰি আৰু ৩টা ছয়েৰে নিজৰ ইনিংছটো সজায়৷ কোহলিক ফাইনেলৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান প্রদান কৰা হয়৷

২০২৫ চনৰ খিতাপ জয়ৰ পিছত আৰচিবিৰ এয়া ক্রমাগত দ্বিতীয়টো আইপিএল খিতাপ৷

ডিজিটেল ডেস্ক, ১ জুন

You might also like