নিয়মীয়া বাৰ্তা, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ধুবুৰীত ৰূপায়িত হৈ থকা বিভিন্ন কাৰ্য্যসূচীৰ মাজতে চহৰখনৰ পাৰ্শ্বৱৰ্তী মেলা ময়দানৰ অতি কদৰ্য্যময় পৰিৱেশৰ বিষয়টো আঙুলিয়াই দিয়া পোৱা গৈছে একাংশ সচেতন ৰাইজে। উল্লেখ্য যে, ঐতিহ্যমণ্ডিত ধুবুৰী চহৰৰ এফালে বৰলুইত বৈ যোৱাৰ বিপৰীতে অইন কাষে আছে গদাধৰ নৈ। গদাধৰৰ সৈতে ৰলুইতৰ সংযোগ ঘটা স্থানৰ সামান্য দূৰত আছে ‘মেলা ময়দান’’’ নামৰ এটা অঞ্চল। খৰালি আৰু শীত কালত গদাধৰ নৈৰ পানী কমাৰ ল’গে ল’গে স্থানীয় ভাৱে মেলাঘাট বুলি পৰিচিত সেই বিস্তীৰ্ণ অঞ্চল হৈ পৰে শুকান বালিচৰ। সেই অঞ্চলটোৰ এক বৃহৎ অংশক দীৰ্ঘ বহু বছৰৰ পৰা “ডাম্পিং গ্ৰাউণ্ড’’ৰূপে ব্যৱহাৰ কৰি আহিছিল ধুবুৰী পৌৰসভাই। অৱশ্যে পৌৰসভা কৰ্তৃপক্ষই বৰ্তমানে মেলা ময়দানক ডাম্পিং গ্ৰাউণ্ড ৰূপে ব্যৱহাৰ নকৰে যদিও এতিয়াও কিন্তু সেই অঞ্চলটোৰ এক বৃহৎ অংশ প্লাষ্টিকৰ মোনা আৰু অন্যান্য লেতেৰা সামগ্ৰীৰে পৰিপূৰ্ণ হৈ কদৰ্য্যময় ৰূপতেই আছে। উল্লেখনীয় যে, প্ৰতি বছৰ বাৰিষাৰ সময়ত গদাধৰ নৈৰ বাঢ়নী পানীত সম্পূৰ্ণৰূপে বুৰ যায় মেলা ময়দান। ফলত অঞ্চলটোৰ সেই জাবৰ–জোঁথৰ, প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীকে ধৰি অন্যান্য বৰ্জ্য পদাৰ্থ মিহলি হৈ পৰে নৈখনৰ পানীত। দীৰ্ঘ বহু বছৰৰ পৰা চলি আহিছে পৰিঘটনা। ফলত স্বাভাৱিক ভাৱেই অদূৰ ভৱিষ্যতত গদাধৰ নৈখনৰ পানী ভয়ংকৰ ভাৱে প্ৰদূষিত হৈ পৰাৰ আশংকা কৰা হৈছে। আনকি সামান্য দূৰত থকা সংগম স্থানেৰে গদাধৰৰ সোঁতত জাবৰ-জোঁথৰখিনি বৈ গৈ বৰ লুইতকো প্ৰদূষিত কৰাৰো পূৰ্ণ সম্ভাবনাও আছে। উল্লেখ্য যে, মেলা মাঠৰ সেই দূৰ্গন্ধময় অঞ্চলটোৰ সমীপৰ ‘বানপাৰ’ নামৰ এক জনবসতি। অঞ্চলটোত বাস কৰে শতাধিক দৰিদ্ৰ শ্ৰেণীৰ লোক; অঞ্চলটোত আছে কণ-কণ শিশুও। কিন্তু, তাৎপৰ্যপূৰ্ণ ভাৱে আজিলৈ মেলা ময়দানৰ জাবৰ-জোঁথৰ স্তূপবোৰ আঁতৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা যোৱা নাই প্ৰশাসন অথৱা পৌৰসভা কৰ্তৃপক্ষই। সমান্তৰালকৈ বিষয়টো লৈ মৌনতা অৱলম্বন কৰি অহা পোৱা গৈছে স্থানীয় নিৰ্বাচিত জন প্ৰতিনিধিকে ধৰি ৰাজনৈতি অথৱা অৰাজনৈতিক দল–সংগঠনবোৰেও। এনে প্ৰেক্ষাপটত, কেন্দ্ৰীয় চৰকাৰে গংগাক প্ৰদূষণমুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰি থকাৰ সময়ত ধুবুৰীকে ধৰি জিলাখনৰ সমৃদ্ধিশালী ইতিহাসৰ সৈতে গদাধৰ নৈখনক এইদৰে প্ৰদূষণৰ গৰাহলৈ ঠেলি দিয়াৰ যুক্তি-যৌক্তিকতা ক’ত বুলিও প্ৰশ্ন উত্থাপিত হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী