নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিনিয়ত উদ্ভাসিত হৈ থাকে এখন সেউজীয়া পৃথিৱীৰ স্বপ্ন…

📌ঢকুৱাখনাৰ চিকিৎসক মতিলাল পাতিৰে ১৬ বিঘা মাটিত একক প্ৰচেষ্টাৰে গঢ়ি তুলিছে তিতাচপা গছৰ অৰণ্য

নিয়মীয়া বাৰ্তা, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত এটা ভাল লগা খবৰ। এক সেউজীয়া সপোন। নিজ হাতে গঢ়িছে এখন অৰণ্য। সন্তানৰ দৰে লালন-পালন কৰিছে ইয়াৰ প্ৰতিজোপা গছ। মানুহজনৰ দুচকুত প্ৰতিনিয়ত উদ্ভাসিত হৈ থাকে এখন সেইজীয়া পৃথিৱীৰ স্বপ্ন। প্ৰকৃতি ধ্বংসৰ বিপৰীতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ চেষ্টাত ব্ৰতী হৈছে ঢকুৱাখনাৰ এগৰাকী চিকিৎসক।বিগত ১০ বছৰত চিকিৎসকজনৰ ব্যক্তিগত প্ৰচেষ্টাত নীৰৱে গঢ় লৈ উঠিছে এখন মূল্যৱান তিতাচপা গছৰ অৰণ্য। অৰণ্যক প্ৰাণভৰি ভালপোৱা মানুহজনে ‘গছ থাকিলেহে মানুহ থাকিব’ আপ্তবাক্যশাৰীৰ যথাৰ্থ মূল্যায়ন কৰাৰ আপ্ৰাণ চেষ্টাৰে ব্যক্তিগত প্ৰচেষ্টাত গঢ় দিছে এখন মূল্যৱান তিতাচপা গছৰ অৰণ্য। এচাম দুস্কৃতিকাৰীয়ে বনধ্বংস কৰি প্ৰাকৃতিক ভাৰসাম্যৰ প্ৰতি প্ৰবল ভাবুকি নমাই আনিছে, তেনে সময়তে গছ-গছনিৰ প্ৰেমত পৰি প্ৰকৃতি ৰক্ষাৰ চেষ্টা চলাইছে ঢকুৱাখনাৰ এইজন চিকিৎসক ডাঃ মতিলাল পাতিৰে। কৰ্মসূত্ৰে গোগামুখত বাসকৰা এইজন খ্যাতনামা চিকিৎসকে চিকিৎসা বৃত্তিৰ সমান্তৰালকৈ ঢকুৱাখনাৰ বেলুনপাৰাৰ পৈত্রিক ভূমিত নিজা প্ৰচেষ্টাৰে গঢ়ি তুলিছে এখন তিতাচপা গছৰ অৰণ্য। দুচকুত এখন সেউজীয়া পৃথিৱীৰ সপোন বান্ধি দহ বছৰ আগতে চিকিৎসক ডাঃ মতিলাল পাতিৰে এদিন আৰম্ভ কৰিছিল গছপুলি ৰোপণৰ কাম। সেউজীয়া আৰু প্ৰকৃতিৰ সৈতে গঢ়ি তুলিলে আত্মিক সম্পৰ্ক। বহু সমস্যা আৰু প্ৰত্যাহ্বান নেওচি সন্তানৰ দৰে প্রতিজোপা গছ লালন-পালন কৰি ঢকুৱাখনাৰ দুৰ্গম অঞ্চলটোত দহ বছৰজোৰা আশাশুধীয়া প্ৰচেষ্টাৰে তেওঁ গঢ়ি তুলিছে এখন বিশাল অৰণ্য। চিকিৎসা বিদ্যাৰ সমান্তৰালকৈ সম্প্ৰতি প্ৰকৃতি লালন পালন এইজন চিকিৎসকৰ বাবে হৈ পৰিছে জীৱনৰ অবিচ্ছেদ্য অংগ। বিগত ১০ বছৰত তেওঁ ৰোপণ কৰিছে হাজাৰৰো অধিক তিতাচপা পুলি। বৰ্ত্তমান ১৫-২০ ফুট উচ্চতা হোৱা তিতাচপা বাগিচাখনত চিকিৎসকজনৰ সপোনে ঠন ধৰি উঠিছে। ১৬ বিঘা ভূমিৰ এইখন অৰণ্য সম্প্ৰতি বহু পক্ষীৰ আশ্ৰয়স্থলীত পৰিণত হৈছে। যি সময়ত একাংশই প্ৰকৃতি ধ্বংসত লিপ্ত হৈছে, তেনে সময়তে ডাঃ মতিলাল পাতিৰৰ দৰে একাংশ প্ৰকৃতিপ্ৰেমীয়ে নীৰৱে কাম কৰি গৈছে প্ৰকৃতিৰ হকে। ডাঃ মতিলাল পাতিৰৰ এই সেউজী যাত্ৰা অব্যাহত থাকক।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like