নিয়মীয়া বাৰ্তা, ৬ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত ষষ্ঠ স্থান লাভ কৰি নলবাৰী শংকৰদেৱ একাডেমী (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ৰ ছাত্ৰী কাব্যাশ্ৰী শৰ্মাই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিলে। নলবাৰী চহৰৰ বিদ্যাপুৰ নিবাসী প্ৰাণময় কুমাৰ শৰ্মা আৰু গিতীকা দত্ত শৰ্মাৰ কন্যা কাব্যাশ্ৰীয়ে ইংৰাজীত-৯৫ ,বিকল্প ইংৰাজী-৯৭, অৰ্থনীতি-৯৭, ৰাজনীতি-৯৭ শিক্ষানীতি-৯৫, গণিত-৮০ নম্বৰৰে সৰ্বমুঠ-৯৬.২%ৰে অসমৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পৰীক্ষাৰ আগমুহুৰ্তত দৈনিক ৮/১০ ঘন্টা অধ্যয়ণ কৰা কাব্যাশ্ৰীয়ে এই সাফল্যৰ ক্ষেত্ৰত নিজ পিতৃ-মাতৃৰ লগতে শংকৰদেৱ একাডেমীৰ শিক্ষক সকলৰ অৱদান উল্লেখ কৰে। গান গাই আৰু শুনি ভাল পোৱাৰ উপৰিও সাহিত্যৰ প্ৰতি ৰাপ থকা ছাত্ৰী গৰাকীয়ে লিখা-মেলাৰ প্ৰতিও আগ্ৰহ আছে বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে। প্ৰিয় সাহিত্যিক ড° ভবেন্দ্ৰ নাথ শইকীয়া বুলি উল্লেখ কৰি অসমীয়া সাহিত্যৰ কেবাখনো ভাল ভাল কিতাপ অধ্যয়ণ কৰিছে বুলিও কৃতী ছাত্ৰীগৰাকীয়ে কয় । ইয়াৰ পিছত দিল্লী ইউনিভাৰচিটিত অধ্যয়ণ কৰিব বুলি ব্যক্ত কৰি ভৱিষ্যতে সৰ্বভাৰতীয় পৰীক্ষাসমুহত অৱতীৰ্ণ হব বুলি তেওঁ ব্যক্ত কৰে । ইপিনে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ মুনীন্দ্ৰ চন্দ্ৰ মালাকৰ আৰু সমন্বয়ক ড° শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাৰ লগতে শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে কাব্যাশ্ৰীক লগত লৈ এটি শোভাযাত্ৰা উলিওৱা দেখা যায় ।
প্ৰেৰক শ্বাহ আলম আহমেদ