বিশেষ বাৰ্তা, ৬ জুনঃ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ডিব্ৰুগড়ৰ চল্ট ব্ৰুক একাডেমীৰ দুগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰি বিদ্যালয়ৰ লগতে জিলাখনলৈ গৌৰৱ কৰিয়াই আনিবলৈ সক্ষম হয়। চল্ট ব্ৰুক একাডেমীৰ বাণিজ্য শাখাৰ সূৰ্য জৈনে ৰাজ্যৰ ভিতৰত মুঠ ৪৬৭ নম্বৰ লাভ কৰি চতুৰ্থ স্থান আৰু ৰিচিতা শৰ্মাই মুঠ ৪৬২ নম্বৰ লাভেৰে ৰাজ্যৰ ভিতৰত অষ্টম স্থান লাভ কৰি একাডেমীৰ স্থান লাভৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ সক্ষম হয়। ডিব্ৰুগড় চহৰৰ গ্ৰেহাম বজাৰৰ নিৱাসী তথা নতুন বজাৰৰ বিশিষ্ট ব্যৱসায়ী সঞ্জয় জৈন আৰু ৰজনী জৈনৰ সুযোগ্য সন্তান সূৰ্য জৈনে চল্ট ব্ৰুক একাডেমীৰ পৰা ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰি আজি সংবাদ মাধ্যমৰ আগত কয় যে ৰিজাল্ট ভাল হব বুলি ভাবিছিল যদিও ইমান ভাল ফলাফল হব বুলি আশা কৰা নাছিল। দৈনিক ৫/৬ ঘন্টাকৈ মনোযোগেৰে অধ্যয়ন কৰাৰ সমান্তৰালকৈ খেলা-ধূলা আৰু কিছু সময় সামাজিক মাধ্যমতো ব্যস্ত থকাৰ কথা উল্লেখ কৰে। নিজৰ সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু একাডেমীৰ শিক্ষকসকলৰ অৰিহণাৰ বিষয়ে ভূয়সী প্ৰশংসা কৰে। ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত নামভৰ্তি কৰি পৰৱৰ্তী সময়ত এগৰাকী চাৰ্টাৰ্ড একাউণ্টেন্ট হোৱাৰ হেঁপাহ আছে বুলি জনালে।আনহাতে, চল্ট ব্ৰুক একাডেমীৰ পৰা ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিবলৈ সক্ষম হোৱা তালাপ চাহ বাগিচাৰ নিৱাসী স্বৰ্গীয় তপন শৰ্মা আৰু স্মৃতি ৰেখা শৰ্মাৰ জীয়ৰী ৰিচিতা শৰ্মাই ডিব্ৰুগড়ৰ হোষ্টেলত থাকি অধ্যয়ন কৰি এনে সাফল্যৰ বাবে নিজ মাতৃ, শিক্ষাগুৰু আৰু পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক কৃতজ্ঞতা জনায়।
প্ৰেৰক বিভাস দুৱৰা