নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল বাল্মীকি বিদ্যাকানন

নিয়মীয়া বাৰ্তা, ৬ জুনঃ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ক’লা আৰু বিজ্ঞান দুয়োটা শাখাতে ১০০% শতাংশ উত্তীৰ্ণৰে পুনৰ উজলি উঠিল বাল্মীকি বিদ্যাকানন ঢকুৱাখনা ৷ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ১০০% শতাংশ উত্তীৰ্ণৰে উজলি উঠা ঢকুৱাখনাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম নামজ্বলা বিদ্যালয় বাল্মীকি বিদ্যাকাননৰ পৰা এইবাৰ বিজ্ঞান শাখাত ৪৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় আৰু ইয়াৰে ১১গৰাকী পৰীক্ষাৰ্থীয়ে ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ আৰু আন ২৩গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাকে ধৰি ৩৪গৰাকীয়ে প্ৰথম বিভাগ, ৯গৰাকীয়ে দ্বিতীয় আৰু ১গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে বিদ্যালয়খনৰ পৰা এইবাৰ ক’লা শাখাত অৱতীৰ্ণ হোৱা ১৫গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৫গৰাকীয়ে ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ লাভ কৰাৰ লগতে আন ৬গৰাকীয়ে প্ৰথম বিভাগকে ধৰি ১১গৰাকীয়ে প্ৰথম আৰু ৪গৰাকী পৰীক্ষাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত গৌৰাৱাম্বিত বিদ্যালয় কৰ্তৃপক্ষ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ১০০% উত্তীৰ্ণ হাৰেৰে বিদ্যালয়খনৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলতো ক’লা আৰু বিজ্ঞান দুয়োটা শাখাতে ধাৰাবাহিকতা ৰক্ষা কৰি ১০০% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাত উৎফুল্লিত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক-অভিভাৱিকাসকলো ৷

প্ৰেৰক ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

You might also like