বিশেষ বাৰ্তা, ৬ জুন : আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৰাজ্যৰ ভিতৰতে নৱম স্থান দখলেৰে নাজিৰালৈ গৌৰৱ কঢ়িয়াই আনে নাজিৰা বাউলীমৈদামৰ মেধাৱী ছাত্ৰ কাশ্যপ গগৈয়ে। নাজিৰা ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ কাশ্যপে ইংৰাজীত ৯১,অসমীয়াত ৯৫, জীৱ বিজ্ঞানত ৯১,ৰসায়ন বিজ্ঞানত ৯৮ আৰু পদাৰ্থ বিজ্ঞানত ৯৫ নম্বৰেৰে সৰ্বমুঠ ৪৭০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে নৱম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। নাজিৰা বাউলীমৈদাম অঞ্চলৰ বাসিন্দা তথা পিতৃ সুশীল গগৈ আৰু মাতৃ তৰা গগৈৰ পুত্ৰ কাশ্যপে পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি নিজকে এজন সু চিকিৎসক হিচাপে প্ৰতিষ্ঠা কৰাৰ আশা মনতে পুহি ৰখা বুলি জানিবলৈ দিয়ে। ইফালে আৰ্থিক ভাৱে পঢ়া শুনা ক্ষেত্ৰত সদায়েই কাষত থিয় দিয়া ৱেড একাডেমী পৰিয়ালক কৃতজ্ঞতা জনায় কাশ্যপে। বিগত সময়চোৱাত একাধিকবাৰ বাউলীমৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হোৱা মেধাৱী ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো স্থান লাভ কৰাৰ আশা কৰিছিল বুলি জানিবলৈ দিয়ে যদিও ২০২১ বৰ্ষত কভিডৰ বাবে ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল।
প্ৰেৰক চৰিফ আলী