বিশেষ বাৰ্তা, ৬ জুনঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দীর্ঘদিনৰ পৰা উত্থাপিত দাবীক লৈ বর্তমানৰ জনজাতীয় সংগঠনে আপত্তি দৰ্শাই আহিছে৷ বিশেষকৈ আহোম জনগোষ্ঠীৰ জনজাতিকৰণক মুকলিকৈ আপত্তি তুলিছে সদৌ অসম ট্রাইবেল সংঘই। অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে বিষয়টোক লৈ যোৱা দীর্ঘদিনৰ পৰা সৃষ্টি হৈ অহা বিতর্ক তথা অসন্তুষ্টি আঁতৰাবলৈ আজি ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাৰ প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় গুৰুত্বপূর্ণ বৈঠক৷ মন্ত্রী পীযুষ হাজৰিকা ডাঃ ৰণোজ পেগুৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত অংশ লয় সদৌ অসম টাই আহোম ছাত্র সন্থা, টাই আহোম যুৱ পৰিষদকে ধৰি আহোমসকলৰ বিভিন্ন সংগঠনৰ লগতে সদৌ অসম ট্রাইবেল সংঘ আৰু জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে৷ বৈঠকত আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ ওপৰত বিস্তৃত আলোচনা কৰে৷ বর্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ টাই আহোমসকলৰ জনজাতিকৰণৰ দাবীৰ মীমাংসা কেনেধৰণৰ হ’ব পাৰে তাৰ ওপৰত দুয়োটা জনগোষ্ঠীৰ মাজত বিভিন্ন দিশ লৈ আলোচনা অনুষ্ঠিত হয়৷ বৈঠকৰ অন্তত মন্ত্রী পীযুষ হাজৰিকাই কয় যে আহোম জনগোষ্ঠীয় সংগঠনসমূহে দীর্ঘদিন ধৰি জনজাতিকৰণৰ বাবে চলাই অহা দাবীৰ বিপৰীতে এইক্ষেত্রত জনজাতীয় দল–সংগঠনৰ মতৰ অমিল আছিল৷ আজিৰ বৈঠকত সংগঠনসমূহৰ নিজস্ব মত উত্থাপনৰ লগতে এইক্ষেত্রত থক ওজৰ–আপত্তিসমূহো আলোচনা কৰা হয়৷ মুখ্যতঃ সমিলমিলেৰে বিষয়টো কিদৰে সমাধান উলিওৱা হ’ব তাৰ বাবেও আজিৰ বৈঠকত হয় আলোচনা৷ এয়া আছিল প্রথমলানি বৈঠক৷ পৰৱর্তী সময়তো এই বিষয়ত জনজাতীয় আৰু আহোম দল–সংগঠনসমূহ মাজত সৌহার্দ্যমূলক আলোচনা অনুষ্ঠিত হ’ব৷ বর্তমানৰ জনজাতিসকলে ভোগ কৰি অহা অধিকাৰ বঞ্চিত নোহোৱাকৈ কিদৰে আহোমসকলক জনজাতিকৰণৰ মর্যাদা দিব পাৰি সেই দিশত আজিৰ আলোচনাৰ লগতে পৰৱর্তী সময়তো আলোচনা কৰা হ’ব৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আলোচনাৰ মাধ্যমেৰে বিষয়টোৰ সমাধান উলিওৱাৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব দিছে আৰু এই লক্ষ্যৰে আজিৰ এই বৈঠক অনুষ্ঠিত কৰাৰ নির্দেশ দিছিল৷ উল্লেখ্য যে আহোম জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ট্রাইবেল সংঘই বিগত দীর্ঘ সময় আপত্তি তুলি আহিছে৷ আজিৰ এই বৈঠকত দুয়োপক্ষৰ মতামতসমূহ দাঙি ধৰি এই সন্দর্ভত এক মীমাংসা উলিওৱাৰ চেষ্টা চলোৱা হয়৷