অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্রদেশৰ জনগণৰ আইন সম্পর্কীয় আলোচনা–নিষ্পত্তিৰ একমাত্র উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈছেGrade-I of Assam Judicial Service ১৩ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিGauhati High Court, Guwahati (Assam)ৰRecruitment CellৰRegistrar (Vigilance)-cum-In Charge-এ এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰিGrade-I of Assam Judicial Service পদৰ প্রার্থী স্বীকৃতিপ্রাপ্তUniversityৰLawৰ ডিগ্রীধাৰী হোৱাৰ লগতেCourt of Civil & Criminal JurisdictionতAdvocateৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১,৪৪,৮৪০–১,৯৪,৬৬০ টকা লাভ কৰিব৷ সাধাৰণ শ্রেণীৰ প্রার্থীৰ বয়স ৩৫–৪৫ বছৰ আৰু এছচি, এছটি–পি/এছটি–এইচ শ্রেণীৰ প্রার্থীৰ বয়স ৩৫–৪৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে এছ চি আৰু এছ টিৰ শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈThe Gauhati High Courtৰ ৱেবছাইটwww.ghconline.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৮ জুন, ২০২৩৷